নিউজ ডেস্ক: দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষেদগাৰ কৰা শিলাদিত্য দেবে অবশেষত নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে | এই কথা নিজেই সংবাদমাধ্যমক জনালে হোজাইৰ বিধায়ক শিলাদিত্য দেবে । ৰাজ্যিক বিজেপিৰ সাংগঠনিক শম্পাদক ফণী শৰ্মাৰ ওচৰত ক্ষমা খোজা বুলি বিধায়ক গৰাকীয়ে অবগত কৰে । দলীয় নেতৃত্বৰ নিৰ্দেশত ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ।
প্ৰায় এবছৰ আগতে আকাৰে ইংগিতে এজন মোনা লোৱা ব্যক্তি বুলি ফনী শৰ্মাক সংবাদ মেলত কটাক্ষ কৰিছিল বিধায়ক গৰাকীয়ে। য’ত এজন অভিযুক্তক বচোৱাৰ বাবে মোনা লোৱা ব্যক্তিজনে আৰক্ষীক গ্ৰেপ্তাৰ নকৰিবলৈ হেঁচা দিয়া বুলি উল্লেখ কৰিছিল |
এতিয়া নিজৰ ভুল হোৱা বুলি কৈ বিধায়ক শিলাদিত্যই বিজেপিৰ উত্তৰণৰ ক্ষেত্ৰত ফণী শৰ্মাৰ বহু খিনি অবদান আছে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে । বিধায়ক গৰাকীয়ে তেও বিতৰ্কিত কথা কৈ অনুশোচনাত ভোগা বুলিও কয় | উল্লেখ্য যে প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল যদিও হোজাই সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়ালৈকে ঘোষণা কৰা নাছিল | ইয়াৰ পিছতেই কেন্দ্ৰীয় নেতৃত্বই দিয়া নিৰ্দেশৰ পিছতেই বিধায়ক শিলাদিত্য দেবে এইদৰে ক্ষমা বিচাৰে |