গুৱাহাটী: নিৰ্বাচন শেষ হ’ল, এতিয়া ৰাজনৈতিক দল আৰু নেতাসকলৰ অংক আৰম্ভ হৈ গ’ল |বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম বিধানসভাৰ নিৰ্বাচনক লৈ সংবাদমেল সম্বোধন কৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু মৰ্চাৰ কাৰ্যকৰী সভাপতি তথা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মনজিত মহন্তৰ লগতে মৰ্চাৰ কেইবাগৰাকীও নেতা।
সংবাদমেলত মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত জনতাৰ সহাঁৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি ২ মেত অসমত মহাজোঁটৰ চৰকাৰ হোৱাটো একপ্ৰকাৰৰ নিশ্চিত বুলি মন্তব্য কৰে ।
ই ভি এম বিসংগতি আৰু বিভিন্ন স্থানত ই ভি এম টেম্পাৰিং কৰিবলৈ দুষ্ট চক্ৰই প্ৰচেষ্টা চলাইছিল যদিও ৰাইজৰ সৰ্তকতাৰ বাবে বহুখিনি ৰোধ হৈছে। এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰে সাংসদ অজিত কুমাৰ ভূঞাই |
ইফালে দিছপুৰ সমষ্টিৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, দিছপুৰ সমষ্টিত আঞ্চলিক গণ মৰ্চা তথা কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী মনজিত মহন্ত বিজয়ী হোৱাটো নিশ্চিত। আমি শেহতীয়াকৈ কৰা হিচাপ-নিকাচত বিজেপি প্ৰাৰ্থী অতুল বৰা পৰাজিত হৈছে।
আনফালে বোকাখাত সমষ্টিৰ সন্দৰ্ভত ভূঞাই কয়, বোকাখাত প্ৰাৰ্থী প্ৰনব দলে উচ্চশিক্ষিত যুৱক, শোষিত জনতাৰ হৈ তেওঁ বহুদিনৰে পৰা তেওঁ মাত আহি আহিছে। তেওঁৰ প্ৰতীক যিহেতু টৰ্ছলাইট, গতিকে এই আন্ধাৰ-পোহৰৰ খেলাত আমাৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে জয়ী হবই।
সংখ্যাগৰিষ্ঠতা লাভ কৰি মহাজোঁটে চৰকাৰ গঠন কৰিবই। প্ৰথম পৰ্যায়ত কংগ্ৰেছ মহাজোঁটে ২০ৰো অধিক আসন , দ্বিতীয় পৰ্যায়ত ২১-২২খন আৰু তৃতীয় পৰ্যায়ত ২৬-৩০খন লাভ কৰিব মহাজোঁটে।