নিউজ ডেস্ক: ৰাজ্যত আজি ঘোষণা কৰা হৈছে পৌৰসভা নিৰ্বাচনৰ ফলাফল। বিৰোধীক একপ্ৰকাৰ ধূলিসাৎ কৰি ৰাজ্যখনৰ প্ৰায়বোৰ পৌৰসভা বিজেপিয়ে নিজৰ দখললৈ আনিছে।

বিজেপিৰ এই বিজয়ৰ মাজতে তিনিচুকীয়া আৰু লখিমপুৰত ব্যতিক্ৰম ঘটাই প্ৰথমবাৰৰ বাবে আম আদমি পাৰ্টিয়ে অসমত আসন দখলেৰে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

দলটোৱে তিনিচুকীয়া আৰু লখিমপুৰত এখনকৈ পৌৰসভা আসন দখল কৰে। ১৫ টা ৱাৰ্ডৰ তিনিচুকীয়া পৌৰসভাত ‘আপ’ৰ ধিৰাজ কুমাৰ সিংঙে ১১ নম্বৰ ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে ২১টা ৱাৰ্ডৰ লখিমপুৰ পৌৰসভাত দলটোৰ উদিতা দাসে ১৪ নম্বৰ ৱাৰ্ডৰ পৰা জয়লাভ কৰে।

কেজৰিৱাল নেতৃত্বাধীন আপে এইবাৰ অসমৰ ৮০খন পৌৰসভাৰ ৩৯টা ৱাৰ্ডত প্ৰাৰ্থী আগবঢ়াইছিল যদিও ইয়াৰে ৩জনৰ মনোনয়ন নাকচ হৈছিল আৰু এজন প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ ঘূৰাই লৈছিল।

তিনিচুকীয়া পৌৰসভাত ধিৰাজ কুমাৰ সিংঙে বিজয় সাব্যস্ত কৰাৰ উপৰিও ৬নং ৱাৰ্ড আৰু ৭নং ৱাৰ্ডত ক্ৰমে প্ৰৰণা কাৰ্ণানি আৰু প্ৰিয়া মালাকাৰ দ্বিতীয় স্থানত থাকে।

দলটোৰ ফলাফলত সন্তোষ প্ৰকাশ কৰি আপৰ অসমৰ ৰাজ্যিক যুটীয়া আহ্বায়ক লক্ষ্মিকান্ত ডুবেই অনাগত দিনত দলটোৱে প্ৰধান বিৰোধীৰ স্থান দখল কৰি এদিন শাসকিয় দলত পৰিণত হ’ব বুলি আশা প্ৰকাশ কৰে।

বৰ্তমান দলটোৱে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি আমাৰ সৰ্ব শক্তি প্ৰয়োগ কৰি প্ৰতিখন আসনতে প্ৰাৰ্থীত্ব আগবঢ়াম।’

লগতে পঢ়ক – জম্মু-কাশ্মীৰৰ উধমপুৰত বিস্ফোৰণ:মৃত ১জন, আহত১৪জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply