নগাঁও – টিকট লাভৰ পৰা বঞ্চিত হ’ল ডাঃ দুৰ্লভ চমুৱা। কংগ্ৰেছৰ নগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থী শান্তনু শৰ্মা। ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে উত্তাল কৰিলে নগাঁৱৰ পৰিৱেশ। কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং ফালি অগ্নি সংযোগ ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকৰ।
ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ মাজত প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত চলি থকাৰ মাজতে এইবাৰ প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ জুই জ্বলিছে নগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ মাজত।
শাসকীয় আৰু বিৰোধী দলৰ টিকট বঞ্চিত বহু প্ৰাৰ্থীয়ে নিজ দল ত্যাগ কৰি অন্য দলত যোগদান কৰা অথবা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগুৱাই অহা পৰিলক্ষিত হৈছে। নগাঁও সদৰ সমষ্টিৰ টিকট বঞ্চিত কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱা এই ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে এইয়া লক্ষ্যণীয় হ’ব যদিও ইতিমধ্যে ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকৰ মাজত জ্বলি উঠিছে ক্ষোভৰ জুই।
প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থক সকলে বুধবাৰে মাজনিশা প্ৰতিবাদ সাব্যস্ত কৰে। ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থক সকলে কংগ্ৰেছৰ বেনাৰ, হৰ্ডিং ফালি অগ্নি সংযোগ কৰে। ডাঃ দুৰ্লভ চমুৱাক টিকট প্ৰদান নকৰাকলৈ মাজনিশা উত্তাল হৈ পৰে নগাঁৱৰ টাউন ব্লক কংগ্ৰছৰ কাৰ্যালয়।
নগাঁৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাক এইবাৰ নগাঁও সদৰ সমিষ্টিত টিকটৰ পৰা বঞ্চিত কৰি দলে টিকট প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পুত্ৰ তথা কংগ্ৰেছ নেতা শান্তনু শৰ্মাক। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ক্ষোভিত হৈ পৰে ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থক সকল।
শান্তনু শৰ্মাক নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতেই মাজনিশা ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে নগাঁও টাউন ব্লক কংগ্ৰেছ কাৰ্যালয়ত থকা বেনাৰ, হৰ্ডিং আদি জ্বলাই দিয়ে।