নিউড ডেস্ক: বিহাৰত এন ডি এ মিত্ৰজোঁটৰ পৰা জনতা দল (ইউ) ওলাই অহাৰ পিছতে মুখ্য মন্ত্ৰী পদৰ পৰা পদত্যাগ ঘোষণা কৰে নীতিশ কুমাৰে।

মঙলবাৰে আৱেলি ৰাজভৱনত গৈ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি অহাৰ পিছতে সাংবাদিকৰ আগত কুমাৰে এই ঘোষণা কৰে।

‘’মই পদত্যাগ কৰিছো। JD (U)-এ BJP সৈতে মিত্ৰতা ভংগ কৰিছে। সকলো সাংসদ আৰু বিধায়কে NDA বাদ দিব বিচাৰিছে,’’ তেওঁ কয়।

ৰাজভৱনৰ পৰা নীতিশ কুমাৰে বাহিৰে বাহিৰে ৰাষ্ট্ৰীয় জনতা দল (RJD)-ৰ মূৰব্বী তেজস্বী যাদৱক লগ ধৰি আলোচনাত বহে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি নীতিশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এখন দলীয় বৈঠকত JD (U)ৰ সকলো সাংসদ তথা বিধায়কে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল।

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বৈঠকত নীতিশ কুমাৰে সকলো সাংসদ আৰু বিধায়কৰ সন্মুখত বিজেপিৰ সমালোচনা কৰে। বিজেপিয়ে জে ডি (ইউ)-ৰ নেতাসকলক সদায় অপমান কৰি অহাৰ লগতে দলটোক দূৰ্বল কৰিবলৈ চেষ্টা চলাই আহিছিল বুলি তেওঁ কয়।

লগতে পঢ়ক – কামপুৰত বানগ্ৰস্থ পশু পক্ষীৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply