ছয়গাঁও: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে ৷ ৪৯ নং ছয়গাঁও বিধান সভা সমষ্টিৰ অগপ প্ৰাৰ্থী ডাঃ কমলাই কলিতাই কেইবা শতাধিক সমৰ্থকক লগত লৈ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ইয়াৰ আগেয়ে দলীয় কৰ্মী সমৰ্থকক লৈ এক ৰেলীও উলিয়াই ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক ৰেকিবুদ্দিন আহমেদক আজি বিপুল আদৰণি জনালে ছয়গঞা ৰাইজে । পুৰ্বৰ অগপ বিধায়ক কমলা কলিতাৰ অপশাসনৰ অন্ত পেলাই একেৰাহে দুবাৰকৈ বিধায়ক নিৰ্বাচিত কৰাৰ পিছত এইবেলিও পুনৰবাৰ বিধায়ক নিৰ্বাচিত কৰাৰ পণ লৈ দলীয় কৰ্মী সমৰ্থকে বিধায়ক গৰাকীক বিপুল আদৰণি জনালে ।

ইয়াৰ আগেয়ে বিয়লি কুকুৰমাৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে সমদল কৰি ছয়গাঁৱৰ ৰাজীৱ ভৱনলৈ আদৰি আনে বিধায়ক ৰেকিবুদ্দিন আহমেদেক। আনহাতে কংগ্ৰেছ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে এইবেলিও বিপুল ভোটত তেওঁক ৰাইজে জয়ী কৰাব বুলি মন্তব্য কৰে। আনহাতে, অগপ প্ৰাৰ্থী কমলা কলিতা তেওঁৰ ভাল প্ৰতিদন্দী বুলি কৈ তেওঁক প্ৰতিটো নিৰ্বাচনতেই একেদৰেই বিচাৰে বুলিও মন্তব্য কৰে। ইয়াৰ পিছতেই বিধায়ক গৰাকীক দলীয় নেতা কৰ্মীয়ে এক বাইক ৰেলীৰে বনগাঁও ৰাজীৱ ভৱন আৰু গৰৈমাৰী ৰাজীৱ ভৱনলৈ আদৰি নি ব্যাপক সম্বৰ্ধনা জনায় ৷