সোণাৰি: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে পৌৰ নিৰ্বাচনৰ বাবে আজি সোণাৰিতো মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে। সোণাৰি আৰু মৰাণ দুয়োখন পৌৰসভাৰ প্ৰাৰ্থীয়ে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সোণাৰি আৰু মৰাণ দুয়োখন পৌৰসভাৰ বিজেপি প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ১৬ টা ৱাৰ্ড বিশিষ্ট সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ ১৪ গৰাকী আৰু মিত্ৰ দল অগপৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে কংগ্ৰেছ দলৰ ১৬ গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্ণিং অফিচাৰৰ হাতত। আনহাতে মৰাণ পৌৰসভা নিৰ্বাচনৰ বাবে দহটা ৱাৰ্ডত বিজেপি আৰু এটাত মিত্ৰদলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ দহ গৰাকী আৰু অসম জাতীয় পৰিষদ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

মন কৰিবলগীয়া যে আজিৰেপৰা ক’ভিডৰ নীতি নিৰ্দেশনা শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সদলবলে অহা পৰিলক্ষিত হয় সোণাৰিৰ ৰাজপথত।

লগতে পঢ়ক- যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply