গুৱাহাটী: আগন্তুক অসম বিধানসভা নিৰ্বাচনত অ বড়ো সুৰক্ষা কমিটিয়ে বিজেপি দলক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনায়। কিছু দিনৰ আগতে সাংসদ নব শৰণীয়াৰ সংগ ত্যাগ কৰা অ বড়ো সুৰক্ষা কমিটিৰ উপদেষ্টা ব্ৰজেন মহন্তই আগন্তুক নিৰ্বাচনক উদ্দেশ্যি কয়
” বিজেপিক এইবাৰ উৎখাত কৰিবলৈ অ বড়ো সুৰক্ষা কমিটিৰ ফালৰ পৰা তামুলপুৰ,গোসাঁইগাঁও আৰু চাপাগুড়িত আমাৰ প্ৰাৰ্থী ক্ৰমে ৫৮ নং সমষ্টি তামুলপুৰত ডিম্বেশ্বৰ ৰাভা,৬৩ নং সমষ্টি চাপাগুড়িত জ্যোতিষ কুমাৰ দাস আৰু ২৮ নং সমষ্টি গোসাঁইগাঁওত আব্দুল ছামাদ চৌধুৰীক আগবঢ়াইছোঁ। বিজেপি নেতৃত্বাধীন ইউ পি পি এল আৰু জি এচ পি চৰকাৰ বিটিছিত অধিষ্ঠিত হোৱাৰ পাছতেই চৰকাৰৰ নিৰ্দেশ অনুসৰি অগণন ৰাইজক উচ্ছেদিত কৰাৰ বাবে চৰকাৰী নটিচ জাৰি কৰা দেখা পোৱা গ’ল।কিন্তু জনগণৰ ৰঙা চকুৰ ভয়ত আৰু নিৰ্বাচন সন্মুখত থকাৰ বাবে এই কাৰ্য্য স্থগিত ৰাখিছে।”
বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে মহাজোঁটৰ প্ৰাৰ্থীৰ লগতে বিজেপি বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় উপদেষ্টা ব্ৰজেন মহন্তই।