লখিমপুৰ: ৰাহুল গান্ধীৰ বিৰুদ্ধে অসম্মানজনক মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ লখিমপুৰত।

এন এছ ইউ আইৰ সদস্য সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ মাজতে পথৰ ওপৰতে শুই পৰি পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে ।


ইয়াকে লৈ আৰক্ষীৰে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল। বহু সময় ধৰি উত্তাল পৰিবেশ অব্যাহত থকাৰ পাছত দণ্ডাধীশৰ উপস্থিতিত অৱৰোধ প্ৰত্যাহাৰ কৰে।


প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে মাত মতাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰে।

ৰাহুল গান্ধী তেওলোকৰ নেতা বুলি স্পষ্ট কৰি নেতাৰ বিৰুদ্ধে মন্তব্য কৰিলে প্ৰতিবাদ হ’ব বুলি স্পষ্ট কৰে প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক- মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ ভুপেন বৰা আৰু ৰূপজ্যোতি কুৰ্মীৰ বাক্যবান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply