নিউজ ডেস্ক- অখিল গগৈয়ে নিৰ্বাচন নেখেলিবলৈ সাজু, বিৰোধীৰ ৰাজনৈতিক দলৰ নেতৃত্বলৈ অখিল গগৈৰ পত্ৰ, AIUDF আঁতৰ হ’লেই মহাজোঁটত চামিল হ’ব আঞ্চলিক শক্তি। প্ৰতিটো সমষ্টিত মাত্ৰ এজন বিৰোধী প্ৰাৰ্থী দিবলৈ আহ্বান জনাই এই কথা প্ৰকাশ কৰিলে কৃষক নেতা অখিল গগৈয়ে ।
ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই এ আই ইউ ডি এফ ওলাই গ’লে ‘ৰাইজৰ দল’ বিৰোধী মিত্ৰজোঁটৰ লগ লাগিব বুলি ঘোষণা কৰে।বিজেপি আৰু এ আই ইউ ডি এফ একে সাম্প্ৰদায়িক বুলি মন্তব্য কৰি তেওঁ কয়, ‘কোনো সাম্প্ৰদায়িক শক্তিৰ সৈতে মিত্ৰতা নকৰে ৰাইজৰ দলে। মিত্ৰতা কেৱল অসম জাতীয় পৰিষদৰ লগতে আমাৰ অক্ষুন্ন থাকিব’।
২০১৯চনৰ ১২ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জেলৰ পৰাই এখন পত্ৰযোগে মহাজোঁট সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে