উজনিত প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনসভা

নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী। এনে অবস্থাত প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উজনি অসমত আজি নিৰ্বাচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দুদিনীয়া ভ্ৰমন সূচীৰে অসমলৈ অহা ৰাহুল গান্ধীয়ে কালি ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত নিশাটো ডিগবৈতে কটাই |
আজি দিনৰ ১ বজাত মৰিয়নীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশ ল’ব ৰাহুল গান্ধীয়ে। আনহাতে দিনৰ ২.৩০ বজাত ৰাহুল গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ হৈ গহপুৰতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব। সেইদৰে বিয়লি ৪ বজাত মুকলি কৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ।

আৰু পঢ়কঃযোৰহাটৰ সাংসদ তপন গগৈ কৰোণাত আক্ৰান্ত

আনহাতে আজিৰ দিনটোতে উজনি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ ২.৩৫ বজাত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী পোণাকণ বৰুৱাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। সভা খনত চাবুৱাৰ লগতে চুবুৰীয়া বহুকেইটা সমষ্টিৰ ৰাইজ উপস্থিত থকাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শনিবাৰে বিয়লি যোৰহাটৰ লিচুবাৰীত থকা সেনাবাহিনীৰ ৪১ ছাব এৰিয়াৰ মূখ্য কাৰ্যালয়ৰ গেষ্ট হাউছত নিশা কটাব।
একেটা দিনতে প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা সফল কৰি তুলিবলৈ এতিয়া কঁকালত টঙালি বান্ধিছে দুয়োটা দলৰ নেতা-কৰ্মীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply