গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৭ মার্চ তাৰিখে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ এটা দিন। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। প্ৰথম পৰ্যায়ত ৪৭ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ।
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব অহা ২৭ মাৰ্চত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে থকা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনী বিষয়া সকল। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণকলৈ নিৰ্বাচনী বিষয়া সকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ লগতে যোৰহাট, গোলাঘাট, গহপুৰত নিৰ্বাচনত নিয়োজিত বিষয়া সকল সম্পূৰ্ণ প্ৰস্তুত হৈ থকা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সষ্টম হৈ থকাও দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ১২ খন জিলাৰ ৪৭ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ভোট কেন্দ্ৰ সমূহৰ ভিতৰত ২০ টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।