দক্ষিণ শালমাৰা : অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা সমষ্টিৰ ৩১৯ গৰাকী পলিং বিষয়াৰ গ্রুপৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ৩১৯ টা পলিং বিষয়া গ্রুপৰ ১২৭৬ গৰাকী প্রিছাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক হাটশিঙিমাৰী মহাবিদ্যালয় আৰু হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা এই অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ ৩০ মার্চত সমাপ্ত হোৱাৰ পাছত অহা ৩১ মার্চ আৰু ১ এপ্ৰিলত মানকাচৰ সমষ্টিৰ বাবে ৪৩৩ টা পলিং বিষয়াৰ গ্রুপৰ মুঠ ১৫৬৫ গৰাকী প্রিছাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে।