দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰৰ পৰা তিনিদিনীয়াকৈ জিলাখনৰ দুই সমষ্টিৰ আশাকৰ্মী আৰু সাংবাদিক সকলৰ পোষ্টেল ভোট গ্ৰহণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। জিলাখনৰ অধীনত থকা মানকাচৰ সমষ্টিত মুঠ ২৫১ টা আৰু দক্ষিণ শালমাৰা সমষ্টিত ১৪ টা এ ভি ই এছৰ পোষ্টেল ভোটসহ মুঠ ২৬৫ গৰাকী আশাকৰ্মী আৰু সাংবাদিকৰ পোষ্টেল ভোট আছে।
সোমবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা নতুন বিল্ডিংত এই ভোটগ্ৰহণৰ বাবে দুটা পৃথক ভোট গ্ৰহণ কক্ষ নিৰ্মান কৰা হৈছে। অহা ৩১ মার্চৰ বিয়লি ৬ বজালৈ চলিবলগীয়া ভোটগ্ৰহণৰ বাবে ভোটাৰ সকলে হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহি নিজৰ নিজৰ ভোটদান কৰিব পাৰিব।
কোভিড প্ৰ’টকলৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত এ ভি ই এছ পোষ্টেল ভোটৰ ব্যৱস্থা কৰাৰ লগতে ৮০ উৰ্ধৰ বয়সৰ নাগৰিক, দিবাংগ্য ব্যক্তি সকলক এবছেণ্ট ভোটাৰ হিচাপে চিনাক্ত কৰি তেওঁলোকৰ বাবে পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে। এই এৱছেণ্ট ভোটৰৰ ভোটগ্ৰহণ অহা ১ এপ্ৰিল তাৰিখলৈ চলিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।