যোৰহাট: যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত যোৰহাট, টিয়ক আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তগৰ্ত জ্যেষ্ঠ নাগৰিক, দিব্যাংগ, আৰু বিশেষভাবে সক্ষম লোকৰ মাজত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে | আশীউৰ্ধৰ ৫৪৬ জন ভোটাৰে নিজৰ ভোটদান ইতিমধ্যে সাব্যস্ত কৰে।
অহা ২৭ মাৰ্চত বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাধিকাৰ প্ৰক্ৰিয়া আৰম্ভ হব। তাৰ বাবে ইতিমধ্যে নিৰ্বাচনী বিষয়া তথা বিভাগীয় বিভাগ সমুহ ব্যস্ত হৈ পৰিছে।ক’ভিডৰ বাবে এই বাৰ বৃদ্ধি কৰা হৈছে ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা।তাৰ উপৰিও কেন্দ্ৰীয় নিৰ্বাচন আয়োগে আৰ্শী উৰ্ধৰ ব্যক্তি, বিশেষ ভাৱে সক্ষম লোকৰ বাবে আগতীয়াকৈ বেলটৰ যোগেদি ভোটাধিকাৰ ব্যৱস্থা হাতত লৈছে।তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে যোৰহাট নিৰ্বাচনী জিলা খনৰ অন্তৰ্ভূক্ত যোৰহাট, টিয়ক,দেৰগাঁও বিধান সভা সমষ্টিত আৰম্ভ কৰা হৈছে ভোটাধিকাৰ প্ৰক্ৰিয়া।
আৰু পঢ়কঃ দুদিনৰ বাবে গুৱাহাটীত সলনি হ’ব যান-বাহনৰ চলাচলৰ পথ
৩৬ জনীয়া বিশেষ দলে এই প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে।উল্লেখযোগ্য যে ১৫ মাৰ্চৰ পৰা আৰম্ভ এই প্ৰক্ৰিয়া।এই বিশেষ ভোটাধিকাৰ ২১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হব। জিলাখনত মুঠ ২৪৯১ জনে ভোটাধিকাৰ কৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰি আছে অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে।সংবাদমাধ্যমক জানিবলৈ দিয়া মতে প্ৰক্ৰিয়া ২১ মাৰ্চৰ ভিতৰত সামৰণি পৰিব | ক’ভিড সৃষ্ট পৰিবেশৰ বাবে এই ব্যবস্থা নিৰ্বাচন আয়োগে লোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে |