গোলাঘাট– গোলাঘাট জিলাৰ ৯৫নং গোলাঘাট আৰু ৯৬নং খুমটাই সমষ্টিত পোষ্টেল বেলটযোগে বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাসকলৰ ভোটদান সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই ভোটদাতাসকলে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰিব পাৰিব।
সমষ্টি দুটাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই পোষ্টেল বেলটযোগে ভোট দিব পাৰিব।
১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ’ব।
প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজাৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব।
১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহণ সম্পূৰ্ণ নহ’লে ২০ মাৰ্চতো পোষ্টেল বেলট সংগ্ৰহ কৰা হ’ব।
দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পোষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে।
আনহাতে খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পোষ্টেল বেলট সংগ্ৰহ কৰা হ’ব।
একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পোষ্টেল বেলটযোগে ভোট দিব পাৰিব।