নিউজ ডেস্কঃ আজি পুৱা ১০বজাৰ পৰা আৰম্ভ হৈছে ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন। ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৪০০০ৰো অধিক সাংসদ আৰু বিধায়কে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। সন্মুখ সমৰত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহা। ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত অনুষ্ঠিত হৈ আছে।

ভাৰতৰ সাংসদ আৰু বিধায়কসকলৰ সন্মিলিত ভোটমূল্য ১০ লাখ ৯৮ হাজাৰ ৭৮২। কেইবাখনো আসন খালী থকাৰ বাবে এইবাৰ মুঠ ভোটমূল্য ১০ লাখ ৮১ হাজাৰ ৯৯১। ভাৰতত লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত সদস্যৰ সংখ্যা ক্ৰমান্বয়ে ৫৪৩ আৰু ২৩৩ জন। কিন্তু এতিয়া ৰাজ্যসভাত পাঁচখন খালী আসন আছে। ৩০ খন বিধান সভাত মুঠ বিধায়কৰ সংখ্যা হৈছে ৪,১২৩ জন। ১৯৭১ চনৰ লোকপিয়লপ্ৰতিবেদনৰ আধাৰত সাংসদ আৰু বিধায়কসকলৰ ভোটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল। ২০২৬ চনলৈকে, ভোটৰ মূল্য সেই লোকপিয়লৰ ওপৰত আধাৰিত কৰি নিৰ্ধাৰণ কৰা হ’ব। ভোটৰ মূল্যৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ শীৰ্ষত আছে। সেই ৰাজ্যৰ এজন বিধায়কৰ ভোটৰ মূল্য ২০৮। অসমৰ বিধায়ক সকলৰ ভোটৰ মূল্য ১১৬।

পশ্চিম বংগৰ প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ১৫১। ছিকিমৰ বিধায়কসকলৰ বাবে ভোটৰ মূল্য আটাইতকৈ কম, মাত্ৰ ৭। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভা আৰু ৰাজ্যসভালৈ নিৰ্বাচিত প্ৰতিজন সাংসদৰ ভোটৰ মূল্য সমান -৭০৮। বিধায়কসকলৰ সম্মিলিত ভোটমূল্য হৈছে ৫,৪৯,৪৭৪।

উল্লেখ্য যে, নিৰ্বাচিত সাংসদ আৰু সকলো বিধানসভাৰ নিৰ্বাচিত সদস্যক লৈ গঠিত নিৰ্বাচনী মহাবিদ্যালয়ৰ সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে। অহা ২১ জুলাইত ফলাফল ঘোষণা হোৱাৰ পিছত ২৫ জুলাইত শপতগ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply