নিউজ ডেস্কঃ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে। ১৮ জুলাইত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ২১ জুলাইত ঘোষণা কৰা হ’ব ফলাফল। ২৯ জুনৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব বুলি আয়োগে প্ৰকাশ কৰিছে। আনহাতে ২৫ জুলাইত শপত গ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে, ২৪ জুলাইত সমাপ্ত হ’ব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল। তাৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হোৱাটো গুৰুত্বপূৰ্ণ। সেয়েহে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে এই নিৰ্বাচনৰ দিন। এই নিৰ্বাচনত নাগৰিকে প্ৰত্যক্ষভাৱে ভোটদান নকৰে। এই নিৰ্বাচনত মুঠ ৪৬০৯ জন সাংসদ আৰু বিধায়কে ভোটদান কৰিব। তেওঁলোকৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হ’ব দেশৰ নতুন ৰাষ্ট্ৰপতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply