গুৱাহাটী: ১৮ জুলাইত অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক ভোটদান কৰিব নেকি এ আই ইউ ডি এফ দলে? এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে দ্ৰৌপদী মুৰ্মুলৈ সমৰ্থন আগবঢ়োৱাৰ ইংগিত দিছে।
দেওবাৰে নিশা হাইলাকান্দিৰ সোনাই সমষ্টিত এটা শিৱ মন্দীৰ দৰ্শন কৰি আহি সাংবাদিকৰ আগত আজমলে তেওঁলোকৰ দলে ইউ পি এ সমৰ্থিত প্ৰাৰ্থী যশৱন্ত সিনহাক ভোট দিয়াৰ কথা ভাৱিছিল যদিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোৰ বিৰুদ্ধে কৰা বিদ্ৰূপমূলক মন্তব্যৰ বাবে এ আই ইউ ডি এফে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰাৰ কথা ভাৱিছে বুলি মন্তব্য কৰে।
তেওঁ কয়, ‘’যোৱা দুই দিনৰ পৰা দেখি আছো ভূপেন বৰাই নিজৰ সভানেত্ৰীৰ মৰ্যদা নাৰাখি এই নিৰ্বাচনত আমাৰ ওপৰত আক্ৰমণ কৰি আছে। অৰ্থাৎ ভূপেন বৰাই নিশ্চয় ভিজেপিৰ সৈতে ফিটিং হৈছে যে আমি এনেকুৱা মাত মাতিম যে আজমল চাহাবে খং কৰি ইউ পি এৰ প্ৰাৰ্থীক ভোট নিদি বিজেপিৰ প্ৰাৰ্থীক ভোট দি দিব।’’
‘’ভূপেন বৰাই খালি মোৰ অপমান কৰা নাই, তেখেতৰ নেত্ৰী ছোনিয়া গান্ধীৰো অপন কৰিছে,’’ আজমলে লগতে কয়। আজমলৰ মতে ছোনিয়া গান্ধীয়ে অহা ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফক ইউ পি এৰ প্ৰাৰ্থী গৰাকীক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল।
উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি এ আই ইউ ডি এফে নিৰ্বাচনত নামিছিল যদিও ফলাফল ঘোষণাৰ পিছতে এ আই ইউ ডি এফৰ বিৰুদ্ধে বিজেপিৰ সৈতে ভিতৰি মিতিৰালি থকাৰ অভিযোগ আনি মিত্ৰতা ভংগ কৰিছিল।
অহা ৯ৰপৰা ১১ জুলাইৰ ভিতৰত যশৱন্ত সিনহাই অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী ভূপেন বৰাই সোমবাৰে কয় যে কংগ্ৰেছৰ তিনিজন সাংসদ আৰু ২৪ বিধায়কে যশৱন্ত সিনহাক ভোটদান কৰিব।
লগতে পঢ়ক – বড়োলেণ্ডবাসীৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষৰে BTC-BRLF–ৰ মাজত বিশেষ বুজাবুজি চুক্তি