যোৰহাটত জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ সংবাদমেল

যোৰহাট: যোৰহাট বিধানসভাৰ আগন্তুক নিৰ্বাচনত অংশ লোৱা মূল প্ৰাৰ্থী কংগ্ৰেছৰ ৰানা গোস্বামী আৰু বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ নিৰ্বাচনী ইস্তেহাৰক লৈ সুখী নহয় যোৰহাট সচেতন নাগৰিক সমাজ । সেইবাবেই ৰাজনৈতিক দলে দিয়া নিৰ্বাচনী ইস্তাহাৰ বিপৰীতে সচেতন নাগৰিকে দিলে নিৰ্বাচনত প্ৰতিদন্দিতা কৰা ৰাজনৈতিক প্ৰাৰ্থীলৈ।এইবাৰ যোৰহাট বিধান সভা সমষ্টিত মুল যুঁজ হব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। সেয়েহে দুয়োটা প্ৰধান ৰাজনৈতিক দলে সাধাৰণ মানুহক আশ্বস্ত কৰিব পৰাকৈ নিৰ্বাচনী ইস্তাহাৰ দিব পৰা নাই। সেয়েহে যোৰহাট সচেতন নাগৰিক মঞ্চই সংবাদমেলত পাতি এক মাষ্টাৰ প্লেন দাখিল কৰে । দুয়ো গৰাকী সম্ভাব্য বিজয়ী প্ৰাৰ্থীৰ পৰা যোৰহাটৰ সচেতন সমাজে এই কাৰ্যবোৰ সম্পুৰ্ণ কৰি যোৰহাট খন আটকধুনীয়া কৰি তোলাৰ ক্ষেত্ৰত তেওলোকৰ পৰা আশা কৰে ।

যোৰহাটৰ সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰা প্ৰকাশ কৰা যোৰহাট সমষ্টিৰ বাবে মাষ্টৰৰ প্লেন ম’তে জাৱৰ জোঠৰ নিষ্কাসন, ভোগদৈ, তৰাজান,মহুৱাজান,টোকোলাইকে ধৰি সকলো নলা-নৰ্দমা উপযোগী কৰি তোলাৰ লগতে
যোৰহাট নগৰ আৰু সমষ্টিৰ প্ৰতিজন নাগৰিকলৈ খোৱা-পানী যোগান ধৰিবলৈ আহ্বান জনাইছে।যোৰহাটৰ JDA ৰ ৰাজহুৱা গাড়ী আস্থানৰ ৭৩ কঠা মাটিৰ সম্পৰ্কে স্থায়ী কাৰ্যপন্থা আৰু মাটি-ভেটি আৰু সংস্থাপনৰ কাৰ্যপন্থা লোৱাৰো স্পষ্ট প্ৰতিশ্ৰুতি বিচাৰে প্ৰতিদ্বন্দিতাত নমা প্ৰাৰ্থীসকলৰ পৰা । পৰ্যটন আৰু চাহ নগৰী যোৰহাট নিৰ্মাণ, ৰাজমাও,তৰাজানকে ধৰি সমষ্টিৰ সকলো পুখুৰী সংৰক্ষণ আৰু পুননিৰ্মান,যোৰহাট নগৰ আৰু পাশ্বৱতী অঞ্চলৰ ঐতিহাসিক ঠাইসমুহৰ নিৰ্মাণ আৰু সংৰক্ষণ,প্ৰণালী বদ্ধ আৰু শৃংখলিত বজাৰ আৰু বজাৰৰ লগতে ক্ৰেতা ও বিক্ৰেতা সংযোগী ব্যৱস্থা আদিৰ কথা সংবাদমেলত উল্লেখ কৰে ।

যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহক যোৰহাটৰ উন্নয়নৰ নামত নিজৰ স্থিতি আৰু সময় নিদ্ধাৰিত কাৰ্যপন্থা যোৰহাট সমষ্টিৰ ভোটাৰক জনাবলৈ আহ্বান জনায় সংবাদমেলৰ যোগেদি ৰাজনীতি দলবোৰৰ নিৰ্বাচনী ইস্তাহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ।

উল্লেখযোগ্য যে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৰ সংবাদমেলৰ ইস্তাহাৰ নিকা হোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে অধিবক্তা ৰিণ্টু গোস্বামীয়ে। নিৰ্বাচনৰ আগত নিৰ্বাচনী ইস্তাহাৰৰ মূল কথাৰ পৰা ফালৰি কাটি বোকা ছটিয়াই ৰাজনীতি কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাটো নিবিচাৰে বুলিও উল্লেখ কৰে অধিবক্তা গৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply