নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ শনিবাৰে চাবুৱাৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । চাবুৱাৰ মিত্ৰদলৰ প্ৰাৰ্থী পোনাকণ বৰুৱা আৰু জিলাখনৰ আন প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে। ভাষণৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰীয়ে অসমবাসীক ফাকুৱাৰ শুভেচ্ছা জনাই ।
কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰিবলৈ অসমবাসীক আহ্বান জনাই।
চাহ-শ্ৰমিকৰ দুৰ্দ্দশাক লৈ কংগ্ৰেছে খেলা কৰিছে । কংগ্ৰেছৰ অপশাসনৰ বাবে চাহ শ্ৰমিকৰ আজি এই অৱস্থা । চাবুৱাৰ চাহে সমগ্ৰ বিশ্বতে সুগন্ধি বিলাইছে, এই বক্তব্য নৰেন্দ্ৰ মোডীৰ এজন চাহ বিক্ৰেতা হোৱাৰ বাবে চাহ শ্ৰমিকৰ দুৰ্দ্দশা মই বুজি পাওঁ,মোদীয়ে ভাষণত উল্লেখ কৰে ।
শ্ৰীলংকাৰ বাগানৰ ফটো লগাই কংগ্ৰেছে বিজ্ঞাপন কৰাটো দূৰ্ভাগ্যজনক আখ্যা দি মোদীয়ে কয় যে, ‘গামোচা খনকলৈ মই গৌৰৱ অনুভৱ কৰো। কংগ্ৰেছে যাৰ লগত মিত্ৰতা কৰিছে সেইটো অসমৰ বাবে বিপদজনক।’ ইফালে অসমৰ কৃষকৰ বাবে, বাগিচাৰ শ্ৰমিকৰ বাবে বিজেপি চৰকাৰে বহু কাম কৰা বুলি দাবী কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো প্ৰশংসাৰে উপচাই পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰু পঢ়কঃ অসমবাসী ৰাইজলৈ অখিল গগৈৰ মুকলি চিঠি
অসমত ডাবল ইঞ্জিনৰ চৰকাৰ মজবুত কৰাৰ বাবে এয়া আশীৰ্বাদ বুলি উল্লেখ কৰে মোদীয়ে। দেশ স্বাধীনতাৰ পিছত কংগ্ৰেছৰ দীঘলীয়া শাসনৰ বাবে অসম বহু দূৰ পিছুৱাই গৈছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।