অসমলৈ আজি পুনৰ আহিব প্ৰিয়ংকা গান্ধী
অসমলৈ আজি পুনৰ আহিব প্ৰিয়ংকা গান্ধী

নিউজ ডেস্ক: দিনজোৰা নিৰ্বাচনী ভ্ৰমনসূচী লৈ অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে যোৰহাটৰ সভাত প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি কয় , ” কংগ্ৰেছে ছচিয়েল মিডিয়াত প্ৰকাশ কৰা এখন ভুল ফটোক লৈ যিমান প্ৰতিক্ৰিয়া কৰিছে।তাৰ বিপৰীতে কিন্তু অসমৰ বানপানী , কা’ সন্দৰ্ভত তেখেত নিৰব। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি বোৰ আৰু জাতি মাটি ভেটিৰ কথা কোৱা বিষয়বোৰ লৈও প্ৰধানমন্ত্ৰীৰ মন্তব্য নাই।’
প্ৰধানমন্ত্ৰীয়ে কালি জনসভাত বিজেপি চৰকাৰ হ’লে অসম দুটা দুটা ইঞ্জিনেৰে চলিব বুলি কোৱা সন্দৰ্ভত কয়, ” তেখেতে কোন দুটা ইঞ্জিনৰ কথা কৈছে ! অসমৰ মানুহক ভগৱানে যা’তে তেওঁলোকৰ পৰা ৰক্ষা কৰে।” অসমত বৰ্তমান দুজন মুখ্যমন্ত্ৰী আছে বুলি বিজেপি চৰকাৰক কটাক্ষ কৰাৰ লগতে অসম গণ পৰিষদক বিজেপিয়ে দিল্লী গণ পৰিষদ বনাই দিলে মন্তব্য কৰে প্ৰিয়ংকাই।
ভাষণ প্ৰসংগত জুবিন গাৰ্গৰ ‘পলিটিক্স নকৰিবা বন্ধু’ শীৰ্ষক গীতৰ কথা উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে,  ‘জুবিন গাৰ্গে এটা গীতত গাইছে ” পলিটিক্স নকৰিবা বন্ধু “। আমিও বিজেপি চৰকাৰক সকলোতে পলিটিক্স নকৰিবলৈ আহ্বান জনাই আহিছো।’ দিনজোৰা ভ্ৰমণ সূচীত নাজিৰা আৰু খুমটাইৰ ৰাজহুৱা সভাতো অংশ লয় কংগ্ৰেছ দলৰ নেত্ৰীগৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply