সৰুপথাৰত ৰ'জলিনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰিয়ংকা গান্ধীৰ

নিউজ ডেস্ক: একেৰাহে দ্বিতীয় দিনা নিৰ্বাচনী প্ৰচাৰত অংশ লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে |
সোমবাৰে সৰুপথাৰ বিধানসভাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ তাৰকা প্ৰচাৰক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অন্ধ ধৃতৰাষ্ট্ৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘শকুনি মামা’ সৈতে তুলনা কৰে ।
অসমৰ ৰাজনীতিত শেহতীয়াকৈ যুৱচামৰ মাজত মামা বুলি পৰিচিত হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কটাক্ষ কৰি মহাভাৰতীয় কূটনীতিৰ সম্ৰাট শকুনিৰে তুলনা কৰি তেওঁক ‘হিমন্ত বিশ্ব শৰ্মা নহয়, অসমৰ চৰকাৰৰ শকুনি মামা’ বুলিহে কটাক্ষ কৰে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এতিয়া জাতীয় নায়ক হৈ থকা নাই বুলি তীৰ্যক মন্তব্য কৰি অন্ধ ধৃষ্টৰাষ্ট্ৰ বুলি আখ্যা দিয়ে। আৰু এই দুয়ো নেতাই অসমৰ জনতাক কেনেদৰে প্ৰতাৰণা কৰি আহিছে তাৰো বাখ্যা দাঙি ধৰে প্ৰিয়ংকাই।
উল্লেখ্য যে সৰুপথাৰ বিধানসভাৰ পোৰা বাংলাৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ অসমৰ নিৰ্বাচনী দায়িত্বত থকা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে, লোকসভাৰ সাংদস গৌৰৱ গগৈও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply