নিউজ ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল। আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল প্ৰিয়ংকা গান্ধীৰ।
কভিডৰ সংক্ৰমণ হোৱাৰ বাবে অসম ভ্ৰমণ বাতিল। তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীয়ো সদস্য আক্ৰান্ত হৈছে কভিড ১৯ত। প্ৰিয়ংকা গান্ধীৰ কভিড ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও হোম কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিছে চিকিৎসকে।
সেইবাবে অসম ভ্ৰমণৰ সকলো কাৰ্যসূচী বাতিল কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। এই বিষয়ে প্ৰিয়ংকা গান্ধীয়ে নিজেই টুইট যোগে অৱগত কৰে।
আজি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পূব গোৱালপাৰা সমষ্টিৰ মায়াবজাৰ, গোলকগঞ্জ সমষ্টিৰ শ্বেৰনগৰ আৰু সৰুক্ষেত্রী সমষ্টিৰ কয়াকুছিত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল ৷