ঢেকীয়াজুলি – ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। গৰম নিৰ্বাচনী বতাহে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তোলাৰ লগতে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দল সমূৰ নেতা সকলে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ লগতে অব্যাহত ৰাখিছে বিৰোধী দলৰ নেতাক আক্ৰমণ। এফালে যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰিছে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক। আনফালে কংগ্ৰেছ মহাজোঁটৰ এই দল দুটাৰ নেতা দুগৰাকীয়ে এৰি দিয়া নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ চলাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী হ’ব বুলি এক মন্তব্য প্ৰদান কৰিছিল। হাগ্ৰামা মহিলাৰীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি টি চি প্ৰধান প্ৰমোদ বড়োৱে। ঢেকীয়াজুলিত বিজেপি দলৰ প্ৰাৰ্থী অশোক সিংঘালৰ হৈ প্ৰচাৰ চলাবলৈ আহি প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে হাগ্ৰামা মহিলাৰী অসমৰ মুখ্যমন্ত্ৰী হ’লে অসমখন বিক্ৰী কৰিব।
প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে বি টি চিখন লুটি-পুতি খালে। বি টি চিৰ প্ৰতি সন্মান নথকা হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হ’লে অসম বিক্ৰী কৰি খাব। হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমল বেপাৰী। তেওঁলোকে কেৱল মাত্ৰ বেপাৰ কৰিবলৈহে এইবোৰ কৰি আছে বুলিও মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীক তীব্ৰ আক্ৰমণ চলায় প্ৰমোদ বড়োৱে।