গুৱাহাটী: অসম বিধান সভাৰ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত সন্দেহজনক ভাবে ই ভি এম উদ্ধাৰ হোৱাৰ পিছতো আজিলৈকে নিৰ্বাচন আয়োগে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ কৰিছে কংগ্ৰেছে । ৰাতাবাৰী সমষ্টিত ভোটগ্ৰহনৰ পিছত এটা ই ভি এম বিজেপিৰ প্ৰাৰ্থী কৃষেন্দু পালৰ পত্নীৰ নামত থকা গাড়ীত উদ্ধাৰ হোৱাৰ পিছতো কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ কৰিলে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।
নিৰ্বাচনী বিধি উলংঘা কৰাৰ প্ৰমানসহ পোৱাৰ পিছতো কৃষ্ণেন্দু পালৰ বিৰুদ্ধে ব্যবস্থা নোলোৱাৰ অভিযোগ নিৰ্বাচন আয়োগৰ ওপৰত । ইয়াৰ লগতে বিজেপি প্ৰাৰ্থী পিয়ুষ হাজৰিকাই সাংবাদিকক নিৰ্বাচন সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰাৰ বাবেই মুকলিকৈ ভাবুকি দিয়া বিষয়টোক লৈ নিৰ্বাচন আয়োগে কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ কৰিছে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত ভাবুকি দিয়া বিষয়টোক লৈও আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কংগ্ৰেছ সভাপতি গৰাকীৰ ।
এইবাৰৰ নিৰ্বাচনত চৰকাৰী যন্ত্ৰটোক ব্যবহাৰ কৰাৰো অভিযোগ কংগ্ৰেছৰ । কংগ্ৰেছ সভাপতি ৰিপুন বৰা সাংসদ প্ৰদ্যুত বৰদলৈ সহ দলটোৰ কেন্দ্ৰীয় নেতা গৌৰব ভাল্লা নেতৃত্বত এক প্ৰতিবাদী সমদল উলিয়াই দলটোৱে । দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কম্পপ্লেক্সৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত বিজেপি দলক এইবাৰ উফৰাই মহাজোঁটৰ চৰকাৰ হব বুলি দাবী কৰে কংগ্ৰেছ নেতৃত্বই ।