নিউজ ডেস্ক: পঞ্জাবৰ ১৮ সংখ্যক মুখ্য মন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰিলে আম আদমি পাৰ্টিৰ নেতা ভগৱন্ত মানে। আজি দিনৰ ১.৩০ বজাত পঞ্জাবৰ আটাইতকৈ কনিষ্ঠ মুখ্য মন্ত্ৰী হিচাপে মানে শপতগ্ৰহণ কৰে।

ভগত সিঙৰ চহীদ স্মাৰকৰ বাবে বিখ্যাৎ পঞ্জাবৰ খতকৰ কলাঁত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত দিল্লীৰ মুখ্য মন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰৱিন্দ কেজৰিৱাল, দলটোৰ আন নেতাসকলৰ উপৰি মানৰ পৰিয়ালবৰ্গ আৰু ঘনিষ্ঠ লোকসকলৰ লগতে পঞ্জাবৰ বহু শিল্পী উপস্থিত থাকে।

ভগত সিঙৰ চহীদ স্মাৰকৰ সমীপত প্ৰায় ৪০ একৰ ভূমিত অনুষ্ঠিত উক্ত শপতগ্ৰহণৰ অনুষ্ঠানত প্ৰায় ৪ লাখ লোকে ভাগ লয় বুলি এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে যোৱা ১০ মাৰ্চত ঘোষণা হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত কেৱল পঞ্জাবত হে অ-বিজেপি চৰকাৰ শাসনলৈ আহিবলৈ সক্ষম হয়। ৰাজ্যখনত কেজৰিৱাল নেতৃত্বাধীন আপে অভুতপূৰ্ব বিজয় সাব্যস্ত কৰি মুঠ ১১৭ খন আসনৰ ৯২খন আসনত জয়লাভ কৰিছিল।

লগতে পঢ়ক – বোকাখাতৰ দ’পৰীয়াত বিজ্ঞানমনস্কতাৰ অবিৰত যাত্ৰা ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply