নিউজ ডেস্ক: চৰকাৰ গঠন হোৱা মাত্ৰ দুমাহ পিছতে ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাবৰ আপ চৰকাৰে দুৰ্নীতিৰ অভিযোগত নিজ মন্ত্ৰীসভাৰ স্বাস্থ্য মন্ত্ৰীজনক বৰ্খাস্ত কৰা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।
উল্লেখযোগ্য যে নতুকৈ গঠন হোৱা পঞ্জাব কেবিনেটৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাৰ বিৰুদ্ধে ঠিকাদাৰৰ পৰা নিবিদা দিয়াৰ বাবদ ১% কমিছন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত অভিযোগৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে পঞ্জাব আৰক্ষীক স্বাস্থ্য মন্ত্ৰী চিংলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে।
অনুসন্ধানত স্বাস্থ্য মন্ত্ৰীজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছতে ভগৱন্ত মানে তেওঁক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰে। অপসাৰণৰ পিছতে বিজয় চিংলাক পঞ্জাব আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰে।
আনহাতে, দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰি ৰাজ্যখনৰ মুখ্য মন্ত্ৰীজনে নিজ মন্ত্ৰীসভাৰ এজন কেবিনেট মন্ত্ৰীক পদৰ পৰা বৰ্খাস্ত কৰাৰ লগতে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে।
তেওঁ দিয়া এক টুইটত দিল্লীৰ মুখ্য মন্ত্ৰীজনে ভগৱন্ত মানক প্ৰশংসা কৰি তেওঁ আৱেগিক হৈ পৰা বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে দুৰ্নীতিৰ বিৰুদ্ধে আম আদমী পাৰ্টিয়ে দ্বিতীয়বাৰৰ বাবে এনে দৃষ্টান্ত দাঙি ধৰিছে, ইয়াৰ পূৰ্বে ২০১৫ চনত দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে দুৰ্নীতিৰ অভিযোগ উঠা তেওঁৰ এজন মন্ত্ৰীক বৰৰ্খাস্ত কৰিছিল।
লগতে পঢ়ক – ভাল খবৰঃ এতিয়াৰ পৰা Whatsappৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব DigiLocker