শ্ৰীনগৰত ১৩৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক আৱেগিক ভাষণ দিছিল ৷ এয়া আছিল ভাৰতৰ শেহতীয়া সংসদীয় ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ ভাষণ ৷ সাধাৰণতে কাশ্মীৰ মানেই ভাৰতীয় ৰাজনীতিত দেশৰ সীমা আৰু অখণ্ডতা ৰক্ষাৰ উগ্ৰ বাৰ্তা প্ৰেৰণৰ মাধ্যম ৷ তাতে কাশ্মীৰত থিয় দি চুবুৰীয়া দেশ পাকিস্তান আৰু সন্ত্ৰাসবাদক মোহাৰি পেলোৱাৰ অগ্নিবৰ্ষা ভাষণ দিয়াৰ সুযোগ কোনো নেতাই হেৰুৱাব নিবিচাৰে ৷ কিয়নো তাৰপৰা যি বাৰ্তা প্ৰেৰণ হয় সি মূল ভূখণ্ডত ভোটবেংক নিকপকপীয়া কৰে বুলি এক বদ্ধমূল ধাৰণা আছে ৷ কিন্তু ৰাহুল গান্ধীৰ ভাষণত কোনো উগ্ৰতা নাছিল ৷ বৰং আছিল সহানুভূতি আৰু সংবেদনশীলতা ৷ ২০১৪ চনৰপৰা উগ্ৰ, ঘৃণা, বিষাক্ত ‘পুৰুষালি’সূচক বক্তব্যই দেশৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আহিছে ৷ ৫৬ ইঞ্চিৰ বুকু বা ঘৰত সোমাই মাৰিম, এইবোৰ হৈ পৰিছে ভোটাৰক প্ৰলুব্ধ কৰাৰ পৰীক্ষিত শ্ল’গান ৷ সেই সময়ত সোঁতৰ বিপৰীতে গৈ গান্ধীয়ে কাশ্মীৰত কৈছিল দয়া আৰু সহানুভূতিৰ কথা ৷ হিংসাৰ উত্তৰ হিংসাৰে দিয়াৰ পৰীক্ষিত আৰু সহজ বক্তব্যৰ সলনি তেওঁৰ ভাষণত আছিল কৰুণাৰে হিংসা সমাপ্ত কৰাৰ বাৰ্তা ৷ হিংসাৰ আশ্ৰয় লোৱা সকলৰ প্ৰতি প্ৰতিশোধৰ ভাৱেৰে নহয়, নিজৰ অভিজ্ঞতাৰে হিংসাৰ বলি সকলৰ বেদনাক উপস্থাপন কৰিছিল তেওঁ ৷ আইতাক ইন্দিৰা গান্ধী আৰু দেউতাক ৰাজীৱ গান্ধীৰ মৃত্যুৰ খবৰ কঢ়িওৱা ফোন কলৰ অৱতাৰণা কৰি তেওঁ কৈছিল যে এনে ফোন কলে দেশৰ সৈনিক বা সাধাৰণ কাশ্মীৰী পৰিয়ালৰ বাবে কি দুখ কঢ়িয়াই আনে তেওঁ জানে ৷ তেওঁ বিচাৰে কাশ্মীৰত এনে ফোন কল অহা বন্ধ হওঁক ৷ কাশ্মীৰৰপৰা মাংসপেশী প্ৰদৰ্শনৰ ৰাজনীতি কৰাৰ সলনি তুষাৰপাতৰ মাজত ‘ফেৰান’ পৰিহিত ৰাহুল গান্ধীৰ সেই কৰুণা আৰু মানৱতাবাদী ভাষণ নিঃসন্দেহে দেশৰ উগ্ৰ আৰু সফল ৰাজনৈতিক ধাৰাটোৰ মাজত সম্পূৰ্ণ ব্যতিক্ৰম ৷ আচলতে সমগ্ৰ ‘ভাৰত জোড়ো যাত্ৰা’ আৰু ৰাহুল গান্ধীৰ মানৱতাবাদী ৰাজনীতি যে দেশৰ ৰাজনীতিৰ বাবে নতুন সেয়া হয় ৷ কিন্তু প্ৰকৃততে এই যাত্ৰা আৰু ৰাহুল গান্ধীৰ নৱৰূপ দেশৰ ৰাজনীতিৰ বাবে পৰিৱৰ্তনৰ বাহক হ’ব পাৰিবনে?

আচলতে ৰাহুল গান্ধীৰ ভাৱমূৰ্তিয়েই তেওঁৰ ৰাজনৈতিক উত্থানত মূল বাধাৰূপে দেখা দি অহা বুলি এটা ধাৰণা আছে ৷ মূল বিৰোধী দল কংগ্ৰেছৰ সামগ্ৰিক নিৰ্বাচনী ফলাফলতো এই ভাৱমূৰ্তিয়েই কুপ্ৰভাৱ পেলায় বুলি কোৱা হয় ৷ গান্ধী পৰিয়ালৰ বিৰুদ্ধে চলা সংগঠিত প্ৰচাৰ আৰু অপপ্ৰচাৰৰ লগতে মূলতে ৰাহুল গান্ধী সম্পৰ্কত তৈয়াৰ কৰা ছবিখনে তেওঁক সদায়েই এক অনিচ্ছুক আৰু পাতলীয়া নেতাৰ শাৰীত থৈ আহিছে ৷ নক’লেও হ’ব, এই ছবি তৈয়াৰৰ ক্ষেত্ৰত আগৰণুৱা ভূমিকা লৈ আহিছে শাসকীয় বিজেপিৰ আই টি চেল আৰু মূলসুঁতিৰ সংবাদ মাধ্যমে ৷ ‘ভাৰত জোড়ো যাত্ৰা’কো আৰম্ভণিতে সেইদৰেই নস্যাৎ কৰাৰ চেষ্টা চলিছিল ৷ কিন্তু ৪০০০ কিলোমিটাৰ আৰু ১৩৫ দিন অতিক্ৰম কৰাৰ পাছত এটা কথা স্পষ্ট যে এই যাত্ৰাই জনমানসত গান্ধীৰ সামগ্ৰিক ভাৱমূৰ্তি সলনি কৰিছে ৷ তাকো জনপ্ৰিয় সংবাদ মাধ্যমৰ একেবাৰে ন্যূনতম সহযোগ অবিহনে ৷ এয়া নিজেই এক কৃতিত্ব ৷

এই যাত্ৰাত গান্ধীয়ে গাড়ীত উঠাৰ সলনি খোজ কাঢ়িছিল। বাৰ্তা আছিল মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাক আকৌ এবাৰ জীৱন্ত কৰাৰ ৷ উগ্ৰ সংখ্যাগৰিষ্ঠতাবাদী দৃষ্টিভংগীয়ে ম্লান কৰা গান্ধীবাদী আবেদনক পুনৰ মূলসুঁতিলৈ অনা ৷ লগতে প্ৰতিকূল বতৰত পদযাত্ৰাৰে নিজৰ পৰিশ্ৰমী ভাৱমূৰ্তি গঢ়া। যাত্ৰাত ৰাহুল গান্ধীয়ে সমাজৰ সকলো স্তৰ আৰু বয়সৰ লোকৰ সৈতে একেলগে হাতে হাত ধৰি খোজকাঢ়িছিল, আলিংগন কৰিছিল ৷ ইয়াৰ উদ্দেশ্য কেৱল বিভাজনকামী ৰাজনীতিৰ বিপৰীতে শ্ৰেণী, জাত, ধৰ্মৰ উৰ্দ্ধত সহানুভূতি আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰাই নাছিল ৷ যি দেশত দৈহিক সংস্পৰ্শৰ ৰাজহুৱা প্ৰদৰ্শনক আজিও হীন দৃষ্টিৰে চোৱা হয় সেই দেশত এক সাহসী, আধুনিক আৰু উদাৰবাদী নেতাৰ ভাৱমূৰ্তি গঢ় দিয়াৰো এক স্পষ্ট চেষ্টা আছিল ৷ তাৰ লগত গান্ধীয়ে যাত্ৰাৰ সময়ত দিয়া বক্তৃতাসমূহো আছিল ‘ঘৃণাৰ বিপৰীতে প্ৰেমৰ বাণী’ৰ বাৰ্তা য’ত মূলতঃ ক্ষমতা দখলৰ তাড়নাৰ সলনি প্ৰদৰ্শন কৰিব বিচৰা হৈছিল দেশ ৰক্ষা কৰাৰ চিন্তা ৷ লগতে বিজেপি-আৰএছএছৰ সামগ্ৰিক আদৰ্শৰ বিৰুদ্ধে কঠোৰ স্থিতিও বিৰোধীৰ ৰাজনীতিৰ ক্ষেত্ৰত ব্যতিক্ৰম ৷ অৰৱিন্দ কেজৰিৱাল বাদেই, শশী থাৰুৰৰ দৰে দলীয় শীৰ্ষনেতাই যি সময়ত হিন্দুত্ববাদী ৰাজনীতিৰ বিৰুদ্ধে নমনীয় স্থিতি লৈছে সেই সময়ত ৰাহুল গান্ধীৰ এই পৰ্যন্ত আপোচবিহীন স্থিতিয়েও বিৰোধীৰ ৰাজনীতিত আলেঙে আলেঙে এক কপঁনি আনিছে ৷ এই কথাবোৰ শেহতীয়া ৰাজনৈতিক ধাৰাত খাপ নাখায় আৰু লাহে লাহে ই তেনেকৈয়ে জনমানসৰ দৃষ্টিগোচৰ হ’ব ধৰিলে ৷ লগতে ছ’চিয়েল মিডিয়াত গান্ধীয়ে যাত্ৰাত পৰিধান কৰা পোছাকক লৈ সৃষ্টি কৰা হৈচৈয়ে শেহত যাত্ৰা আৰু গান্ধীকে সহায় কৰা দেখা গ’ল ৷ অৱশেষত টী শ্বাৰ্টৰ প্ৰসংগৰে হ’লেও যাত্ৰা আৰু ৰাহুল গান্ধীৰ কথা ক’বলৈ মূলসুঁতিৰ সংবাদ মাধ্যম বাধ্য হ’ল।

এতিয়া বিষয়টো হ’ল আদৰ্শগত স্থিতি, সহানুভূতিৰ বাণী আৰু পদযাত্ৰালৈ জনসমৰ্থনলৈ ঠিকেই আছে ৷ অথবা অজস্ৰ নেতিবাচক প্ৰচাৰ নেওচি উজলি উঠা ৰাহুল গান্ধীৰ পৰিৱৰ্তিত ৰূপটোও ৷ কিন্তু এই যাত্ৰা আৰু ৰাহুল গান্ধীৰ পৰিৱৰ্তিত ভাৱমূৰ্তিয়ে কংগ্ৰেছৰ বাবে অনা ইতিবাচক পৰিৱেশ নিৰ্বাচনৰ ভোটলৈ পৰিৱৰ্তন হ’বনে নাই? সন্দেহ নাই যে এই যাত্ৰা বা তাৰ প্ৰতিক্ৰিয়াই ২০২৪ত নৰেন্দ্ৰ মোডী বা বিজেপিক ক্ষমতাচ্যুত কৰিব পাৰিব বুলি বোধকৰো ৰাহুল গান্ধী বা কংগ্ৰেছেও ভবা নাই ৷ সেয়ে এই পদক্ষেপবোৰ ক্ষমতা দখলৰ বাবে নহয়, বৰং ‘দেশৰ মৌলিক গাঁথনি ৰক্ষা’ৰ বাবে বুলিয়েই ধাৰণা এটা দিয়া হৈছে ৷ কিন্তু এই যাত্ৰাত অংশ লোৱা অলেখ অকংগ্ৰেছী লোকে মুক্তভাৱেই কৈছে যে কংগ্ৰেছক ভাল পাই নহয়, বৰং ৰাহুল গান্ধীৰ ভূমিকা আৰু দেশক বিজেপিমুক্ত কৰাৰ তাড়নাৰ বাবেহে তেওঁলোকে এই যাত্ৰাত অংশ লৈছে ৷ গতিকে ৰাহুল গান্ধীয়ে ব্যক্তিগত পৰিসীমাত যিয়েই নিবিচাৰক কিয়, এই যাত্ৰা বা তেওঁৰ ব্যক্তিত্ব পৰিৱৰ্তন দুয়োটাই দেশৰ বিকল্প ৰাজনীতিৰ অংগ যাৰ উদ্দেশ্য ক্ষমতা দখল ৷ আৰু ২০২৪ত বিত্তীয়, প্ৰশাসনীয় আৰু বিধায়িনী সৰ্বোচ্চ শক্তিৰে সৰ্বশক্তিমান বিজেপিক ভেটিবলৈ যে ৰাহুল গান্ধী প্ৰস্তুত সেই বাৰ্তা তৃণমূল ভোটাৰলৈ গ’লেহে কংগ্ৰেছৰ ভেটি মজবুত হ’ব ৷ শেহতীয়াকৈ সংসদত প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে উঠা বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগক লৈ গান্ধীয়ে সোধা কৌশলী প্ৰশ্নবোৰ যিমান বিচাৰিলেও প্ৰচাৰ হোৱাত বাধা দিব পৰা নাই চৰকাৰে ৷ তাৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদত দাঙি ধৰা বক্তব্য সংবাদ মাধ্যমে গৰিমামণ্ডিত কৰাৰ চেষ্টা কৰিলেও তাত গান্ধীৰ প্ৰশ্নৰ উত্তৰৰ সলনি গতানুগতিক আত্মপ্ৰশংসা আৰু ভিক্টিমহুডৰ বাদে যে একো নাছিল সেয়া স্পষ্ট হৈ পৰিছে ৷ আজিৰ তাৰিখত যে প্ৰশাসনীয় ব্যৰ্থতাৰ বাবে বিজেপি চৰকাৰে ৰাজনৈতিক বৰ্ণনা নিজৰ পক্ষত ৰখা ব্যৰ্থ হৈছে সেয়া তাৰ প্ৰমাণ ।

কিন্তু এই সাময়িক ৰাজনৈতিক অনুকূল অৱস্থাকে জয় বুলি ধৰিলে কংগ্ৰেছ বা ৰাহুল গান্ধীৰ বাবে হ’ব ডাঙৰ ভুল ৷ কিয়নো ২০২৪ৰ নিৰ্বাচন জয়ৰ বাবে মোডীৰ হাতত আছে তিনিটা ডাঙৰ অস্ত্ৰ ৷ চৰকাৰী যন্ত্ৰ, আৰএছএছৰ সাংগঠনিক শক্তি, ইলেক্টৰেল বণ্ড আৰু মূলসুঁতিৰ সংবাদ মাধ্যম ৷ চৰকাৰী যন্ত্ৰই যিদৰে বিৰোধী কণ্ঠ ৰোধ কৰি আহিছে তাৰ সমান্তৰালভাৱে আৰএছএছৰ ব্যাপক সাংগঠনিক নেটৱৰ্কে চৰকাৰৰ যিকোনো বাৰ্তা প্ৰত্যক্ষভাৱে তৃণমূললৈ লৈ গৈছে ৷ ইলেক্টৰেল বণ্ডৰ বিতৰ্কিত পদ্ধতিয়ে সকলো দলতকৈ বহু বেছি পুঁজি সংগ্ৰহৰ বাবে বিজেপিক শক্তি দিছে আৰু নিৰ্বাচনত টকাই কথা কয় । সংবাদ মাধ্যমত দুৰ্নীতিৰ লগতে হিন্দুত্বৰ প্ৰভাৱে কংগ্ৰেছ বা ৰাহুল গান্ধীৰ বাবে ইতিবাচক শিৰোনাম দখলৰ সুযোগ নোহোৱা কৰিছে ৷
কিন্তু তাৰ মাজতো ৰাহুল গান্ধীৰ বাবে আছে সুযোগ। সেয়া হৈছে আদৰ্শৰ লগতে কৰ্মআঁচনিৰে তৃণমূলৰ মাজলৈ যোৱা ৷ সৰ্বস্তৰৰ জনতাক ধৰ্মীয় নিচা আৰু ঘৃণাৰ ৰাজনীতিৰে ১০ বছৰ বান্ধি থোৱাটো সম্ভৱ নহয় ৷ আৰু মৌন ভোটাৰে সদায়েই সঠিক সময়ত সঠিক বিকল্প পালে শাসকক উত্তৰ দিয়ে ৷ ইমান প্ৰতিকূলতাৰ মাজতো যাত্ৰাৰ প্ৰতি জনতাৰ সমৰ্থনে এটা কথা প্ৰমাণ কৰে যে অধিষ্ঠানবিৰোধী ঢৌ সদায় থকাৰ দৰে এতিয়াও আছে ৷ মাত্ৰ প্ৰয়োজন জনতাৰ ওচৰলৈ বিশ্বাসযোগ্য কৰ্মসূচীৰে যোৱাৰ ৷ আদৰ্শগত স্থিতিতকৈ ভোট দিওঁতে মানুহে দুটা কথাত গুৰুত্ব দিয়া আমি বিগত দুটা লোকসভা নিৰ্বাচনত দেখিছোঁ । ঘৃণা আৰু বিভাজনৰ প্ৰণালীবদ্ধ ৰাজনীতি আৰু অৰ্থনৈতিক উত্তৰণৰ সপোন ৷ ৰাহুল গান্ধীৰ বাবে আছে দ্বিতীয়টো বিষয়ত বাজীমাৎ কৰাৰ সুযোগ। এই বিষয়ত বাজীমাৎ হ’লেই প্ৰথমটোৰ প্ৰকোপ আঁতৰ হ’ব ৷
তৃণমূলত সাংগঠনিক তৎপৰতা আৰু বিশ্বাসযোগ্য কৰ্মসূচীৰে তাক ৰাইজৰ ওচৰলৈ নিয়া- ইয়াতেই নিৰ্ভৰ কৰিছে ৰাহুল গান্ধীৰ ‘নৱৰূপ’ৰ সফলতা ৷ হয়তো ‘ভাৰত জোড়ো যাত্ৰা’ৰ পৰৱৰ্তী স্তৰত সেয়া আমি দেখা পাম ৷