গুৱাহাটী : আজি অসমলৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হৈছে কংগ্ৰেছৰ নেতা গৰাকী। অসমত উপস্থিত হৈয়ে ৰাহুল গান্ধী পোনে পোনে যাত্ৰা কৰে শক্তিপীঠ কামাখ্যা মন্দিৰলৈ। শক্তিপীঠত আশীষ লৈ কংগ্ৰেছৰ নেতা গৰাকী নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাওনা হয়।
অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিছে যদিও ৬ এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজনৈতিক দল সমূহে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শাসকীয় বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা সকলৰ লগতে বিৰোধী দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা সকলে অসমৰ ভ্ৰমণ কৰি থকা পৰিলক্ষিত হৈছে।
আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ গৰাকী গুৱাহাটীত উপস্থিত হৈয়ে পোনে পোনে ৰাওনা হয় মা কামাখ্যা মন্দিৰলৈ। কামাখ্যা মন্দিৰত পূজা আগবঢ়াই শক্তিপীঠত মা’ৰ আশীষ লৈ ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাওনা হয়।
উল্লেখ্য যে আজি ৰাহুল গান্ধী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ছয়গাঁৱৰ মহাজোঁটৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বৰক্ষেত্ৰীৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলাব। আনহাতে শাসকীয় বিজেপি দলৰ তিনিগৰাকী প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।