মাত্ৰ তিনিটা দিনৰ পিছতেই ৰাজ্য বিধানসভাৰ নিৰ্বাচন ভোটগণনা অনুষ্ঠিত হ’ব ৷ ৰাইজৰ দলৰ হৈ সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছক সমালোচনা কৰে ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এখন নতুন পত্ৰ সংবাদমেলত পাঠ কৰে দলটোৱে ৷
‘২১ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ প্ৰস্তাৱ দিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ মিত্ৰতাৰ প্ৰস্তাৱ আছিল কৌশলগত ৷ ২৫ জানুৱাৰীত অখিলক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। উক্ত সাক্ষাৎকাৰত বৰদলৈক ঐক্যবদ্ধ ভাবে নিৰ্বাচনত যুঁজ দিয়াৰ কথা কৈছিল অখিল গগৈয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অখিলৰ পৰা বিচাৰিছিল প্ৰাৰ্থীৰ তালিকা ৷

আলোচনা সমাপ্ত কৰাৰ পিছতে বৰদলৈয়ে প্ৰদান কৰিছিল বিপৰীত মন্তব্য ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক প্ৰদ্যুৎ বৰদলৈ,  ৰিপুণ বৰা, সাংসদ অজিৎ কুমাৰ ভূঞা লগতে বহু দলীয় নেতাই  বিজেপিৰ বি-টিম আখ্যা দিছিল। আনকি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সৈতে বৈঠকত মিলিত হৈছিল ভাস্কো ডি শইকীয়া ৷ কিন্তু ইয়াৰ পাছতো অখিলক আনুষ্ঠানিক ভাবে সাক্ষাৎ নকৰিলে জীতেন্দ্ৰ সিঙে ৷

যোৱা বছৰৰ আগষ্ট মাহৰ পৰা বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা চলাইছিল ৰাইজৰ দলে ৷ কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা, বিশ্বাসঘাটকতাৰ বাবে সেয়া সম্ভৱ নহ’ল বুলি পত্ৰৰ জৰিয়তে দাবী কৰিছে অখিল গগৈয়ে ৷ ৰাইজৰ দলৰ স্পষ্ট কথা, ২১ত বিজেপিৰ চৰকাৰ আহিলে দায়ী হ’ব কংগ্ৰেছ, AIUDF আৰু বাওপন্থী দল ৷

কাৰাগাৰৰ পৰা এখন নতুন পত্ৰ লিখি অখিল গগৈয়ে ক’লে যে, ৰাইজৰ দলৰ অনভিজ্ঞতাৰ সুযোগ ললে কংগ্ৰেছে। ইয়াৰ বাবে দায়ী কেইগৰাকীমান কংগ্ৰেছ নেতা ৷ মুখ্যমন্ত্ৰীৰ আসনখনৰ খোৱা কামোৰাৰ বাবে এখন ঐক্যবদ্ধ যুজ নহ’ল ৷ অৱশ্যে এতিয়াও ২ মে’ লৈ অপেক্ষা কৰিছে দলটোৱে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply