অখিল গগৈয়ে নিৰ্বাচন খেলিবলৈ ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিলে

নিউজ ডেস্ক: ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচন খেলিবলৈ ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰি পত্ৰ যোগে আবেদন কৰিলে |
পত্ৰ খনত অখিল গগৈয়ে উল্লেখ কৰিছে এনেদৰে,
“মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজোঁ”
“মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজোঁ”
“বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা হৈছে ৩০ লাখ। মই যিহেতু কাৰাৰুদ্ধ হৈ আছো আৰু মোৰ কোনো জমা টকা নাই। সেয়েহে অসমবাসী সকলো নাগৰিককে মোক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছো। যিসকলে ভোট যুদ্ধৰ বাবে মোক দান-বৰঙণি দিব খোজে তেখেতসকলে তলৰ বেংক একাউণ্টত সেই ধন জমা দিব পাৰিব-
বেংকৰ নাম-ভাৰতীয় ষ্টেট বেংক, দিছপুৰ শাখা
একাউণ্ট নম্বৰ- 40061709121
IFSC- SBIN0003030″

শিৱসাগৰ আৰু মৰিয়নি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে | এই প্ৰত্যাহাৰৰ ক্ষেত্ৰত তেওৰ যুক্তি হ’ল বিজেপ্ বিৰোধী শক্তি সমূহৰ ভোট সমূহ যাতে ভাগ নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে | অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰাৰ কথা কৈ যোৱা সময়চোৱাত দুয়োটা দলে একেবোৰ সমষ্টিত প্ৰাথী ঘোষণা কৰি ভোটাৰক বিভ্ৰান্ত কৰি আহিছে | নিৰ্বাচন আয়োগক দিয়া তথ্য মতে অখিল গগৈৰ হাতেজমা একো নাই বুলি উল্লেখ কৰাৰ বিপৰীতে দুটা বেংক একাউন্টত ৬০,৪৯৭ টকা জমা আছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply