পৌৰসভা, মাজুলীৰ উপ-নিৰ্বাচনৰ পাছত অহা ৩১ মাৰ্চত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
অসমৰ লগতে হিমাচল, কেৰালা, নাগালেণ্ড, ত্ৰিপুৰা আৰু পঞ্জাৱৰ ৰাজ্যসভাৰ ১৩ খন আসনৰ বাবে হ’ব এই নিৰ্বাচন।২১ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু ২২ মাৰ্চত পৰীক্ষা কৰা হ’ব মনোনয়ন পত্ৰ। ২৪ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ভোটগ্রহণ প্ৰক্ৰিয়া আৰু সেই দিনাই ফলাফল ঘোষণা হ’ব।
অসমৰ পৰা খালী হোৱা দুয়োখন আসনেই কংগ্ৰেছৰ দখলত আছে। দুই কংগ্ৰেছ সদস্য ৰিপুন বৰা আৰু ৰাণী নৰহৰ কাৰ্যকালৰ অন্ত পৰিব।