বহু প্ৰতিক্ষিত ৰাজ্যসভা নিৰ্বাচনৰ দুখন আসনৰ ফলাফল ওলাল। কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ তোলাৰ বাবে চাৰি ঘন্টা পলমকৈ আৰম্ভ হয়।

দুয়োখন আসনতেই জয়লাভ কৰিলে বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌড়া নাৰ্জাৰী।

পবিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰিলে ৪৬ টা ভোট আৰু ইউ পি পি এলৰ ৰণগৌড়া নাৰ্জাৰীয়ে লাভ কৰে ৪৪ টা ভোট।

বিৰোধীৰ হাতত ৪৪ জন বিধায়ক থকাৰ পিছতো ৰিপুন বৰাৰ হৈ বৈধ ভোট পৰে মাত্ৰ ৩৫ টা ভোট। এটা ভোট বাতিল হৈছে। পৰাজয়ৰ পিছত ৰিপুন বৰাই ক’লে গণতন্ত্ৰৰ পৰাজয়।

ফলাফলৰ পিছত অখিল গগৈয়ে ক’লে ৭ গৰাকীকৈ এ আই ইউ ডি এফ যি গাদ্দাৰী কৰিলে সেই কথা অসমৰ মুছলমান সমাজে বুজি উঠা প্ৰয়োজন।

কংগ্ৰেছ সভাপতি ভুপেন বৰাই কালিৰ দিনটোত কংগ্ৰেছ দলৰ সকলো বিধায়ক একগোট হৈ আছে বুলি মন্তব্য কৰাৰ পিছত আজি নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দেক আহমেদক দলৰ পৰা বহিষ্কাৰ কৰিব লগা হয়। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ছিদ্দেক আহমেদ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ কৰিবৰ বাবে প্ৰস্তুতি চলাইছে কংগ্ৰেছে।

ভোট গণনা কংগ্ৰেছে চাৰিজন বিজেপি বিধায়কৰ ভোট বাতিল কৰাৰ দাবী জনোৱাৰ বাবেই প্ৰায় চাৰি ঘন্টা পলম হয়। ভোট প্ৰদান কৰি বেলট পেপাৰ ৰাজহুৱা কৰাৰ অভিযোগ বিধায়ককেইগৰাকীৰ বিৰুদ্ধে ।বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, বি পি এফৰ দুৰ্গাদাস বড়ো, বিজেপিৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে কংগ্ৰেছৰ পুলিং এজেণ্ট নুৰুল হুদাই ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিছিল অভিযোগ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply