ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই নতুন নতুন প্ৰচাৰ আৰম্ভ হৈছে।
ৰাজ্যসভা নিৰ্বাচনক লৈ আজি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে ক’লে AIUDFৰ ভোট মোক নালাগে। তেওলোকে মোক
ভোট দিলেও মই AIUDFক ধন্যবাদ নিদিওঁ। শাসকীয় দলৰ কাম শেষ মাত্ৰ ৩১ তাৰিখৰ নিৰ্বাচনলৈ অপেক্ষা বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলে নিজৰ বিধায়ক কেইজনকো ধৰি ৰাখিব পৰা নাই বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই। এতিয়া বিধায়কক বিশ্বাসত নলৈ হোটেলত ৰখাক লৈও কটাক্ষ মুখ্যমন্ত্ৰীৰ।
বিৰোধীৰ প্ৰাৰ্থী ৰিপুন বৰাই বিধায়কৰ ঘৰলৈ গৈ মিঠাই বিতৰণ কৰি ৪৩ জন বিধায়কক এক গোট কৰি ৰখাৰ চেষ্টাক লৈও শাসকীয় দলৰ বিধায়ক মন্ত্ৰীৰ কটাক্ষ মিঠাই খাই মধুমেহ হ’লে তেওলোক ভোটেই দিবলৈ আহিব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় “মই ৩০ তাৰিখেই আপোনালোকক কৈ দিম কিমান ভোট আমি পাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply