আজি পুৱা ৯ বজাৰ আৰম্ভ হৈছে ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। শাসকীয় দলৰ হৈ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰী প্ৰতিদ্বন্দিতাত নমাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থী হৈছে ৰিপুন বৰা।
বিৰোধীৰ বিবেক ভোট পাম বুলি ১০০ শতাশং বিশ্বাসী মন্ত্ৰী পিয়ুষ হাজৰিকা।
বিপৰীতে কংগ্ৰেছ দলে এআইইউডিএফ দলক বিশ্বাসঘাটক আখ্যা দিছে। দলৰ সভাপতি ভুপেন বৰাই এআইইউডিএফ দলৰ ৫ জন বিধায়ক বিক্ৰী যোৱাৰ অভিযোগ কৰিছে। বিপৰীতে এআইইউডিএফ দলে ভুপেন বৰাৰ অভিযোগ নসাৎ কৰি ভোট দিবলৈ আহিছে।
বিধানসভাৰ চেন্ট্রেল হ’লত কটকটীয়া নিৰাপত্তাৰে আৰম্ভ হৈছে ভোটগ্ৰহন। কংগ্ৰেছ আৰু এইউডিএফৰ নিৰ্বাচনৰ প্ৰাকক্ষণত হোৱা মতানৈক্যই আউল লগাইছে নিৰ্বাচনত। অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এআইইউডিএফৰ ১৫, ৰাইজৰ দলৰ ১, চিপিআইএমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে। শাসকীয় গোটৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীক জয়ৰ বাবে ২ টা ভোটৰ প্ৰয়োজন । কোন ২ বিৰোধী বিধায়কে ভোট দিব চৰকাৰক যাক লৈ চৰকাৰী পক্ষই আশা কৰিছে জয়ৰ। বিয়লী ৫ বজাত ভোটগণনা হ’ব আৰু ৬ বজাত ফলাফল ঘোষণা হ’ব।