ৰাজ্যসভা

গুৱাহাটী : ৰাজ্যসভাৰ দুখন আসনকলৈ শাসকীয় আৰু বিৰোধী দল তৎপৰ। শাসকীয় দলে দুয়োখন আসন দখল কৰাকলৈ আত্মবিশ্বাসী। বিৰোধী শক্তি একত্ৰিত হৈছে এখন আসন দখল কৰাৰ বাবে। ইতিমধ্যে ৰাজ্যসভাৰ আসন দুখনকলৈ ৰণনীতি তৈয়াৰত ব্যস্ত শাসকীয় বিজেপিৰ লগতে বিৰোধী দল সমূহ।

অহা ৩১ মাৰ্চত হ’বলগীয়া ৰাজ্যৰ দুয়োখন ৰাজ্যসভাৰ নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে। শাসকীয় বিজেপি দলে দুয়োখন আসন জয় কৰাৰ বাবে উঠিপৰি লাগিছে। ু দিলেও এখন আসন দখল কৰাৰ বাবে বিৰোধী দল সমূহক একত্ৰিত কৰি আগবাঢ়ি গৈছে।

ৰাজ্যসভাত কংগ্ৰেছ দলে নিজৰ স্থিতি বজাই ৰাখিবলৈ ৰাজ্যসভাত অসমৰ পৰা এখন আসন জয় কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। এনে ক্ষেত্ৰত ৩১ মাৰ্চত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দলৰ একমাত্ৰ ভৰসা বিৰোধী দল সমূহৰ ওপৰত। অন্যান্য বিৰোধী দলৰ ওপৰত ভৰসা কৰি কংগ্ৰেছ দলে ইতিমধ্যে ৰাজ্যসভাৰ এখন আসনৰ বাবে পাঁচ গৰাকী প্ৰাৰ্থীৰ নাম কংগ্ৰেছ দলৰ শীৰ্ষ নেতাৰ ওচৰত দাখিল কৰিছে বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। মাত্ৰ এটা ভোটত পিছ পৰি থকা শাসকীয় দলৰ বিপৰীতে বিৰোধীয়ে তেওলোকৰ জোটক একগোট কৰি ৰাখিব পাৰিবনে নাই তাৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিছে। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলিয়ে কাৰ সপক্ষে সমৰ্থন আগবঢ়াই সিও চাবলগীয়া হ’ব।

ইফালে শাসকীয় বিজেপি দলে অসমৰ ৰাজ্যসভাৰ দুয়োখন আসন জয়লাভ কৰিব বুলি বিশ্বাসী বিজেপি দলে। এই সন্দৰ্ভত বিজেপি দলৰ মুখপাত্ৰ প্ৰমোদ স্বামীয়ে কয় যে ৰাজ্যসভাৰ আসন জয় কৰাৰ বাবে কংগ্ৰেছৰ দলৰ বিধানসভাত বিধায়কৰ সংখ্যা নাই। এআইইউডিএফৰ লগত কংগ্ৰেছৰ দলৰ নিৰ্বাচনৰ সময়ত মিত্ৰতা হৈছিল যদিও বৰ্তমান এআইইউডিএফ কংগ্ৰেছ দলৰ মিত্ৰতাৰ পৰা আঁতৰি আহিছে।

বিপিএফ দলৰ লগতে কংগ্ৰেছৰ তিনিজনকৈ বিধায়ক কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ টিকট উপ-নিৰ্বাচনত পুনৰ জয়লাভ কৰিছে, বিজেপি দলৰ সংখ্যা বহু বেছি গতিকে ৰাজ্যসভাৰ দুয়োখন আসন বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় প্ৰমোদ স্বামীয়ে। উল্লেখ্য যে সমগ্ৰ দেশত ৰাজ্যসভাৰ ১৩ খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব, ইয়াৰে দুখন আসন অসমৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply