কংগ্ৰেছ দলৰ ২৫ জন বিধায়কে ৰিপুন বৰাক ভোট দিছে। ৰহা আৰু পশ্চিম কৰিমগঞ্জৰ বিধায়কে ভোট দিয়া নাই। ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিছে।

শশীকান্ত দাসৰ ভোট বাতিল কৰিবলৈ নিৰ্বাচন আয়োগক জনাব। পশ্চিম কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আলী আহমেদৰ বিধায়ক পদ বাতিল কৰা হ’ব।

এ আই ইউ ডি এফ দলৰ ১৫ জন বিধায়কে ৰিপুন বৰাক ভোট দিলে বিজয়ী হব। অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰ আমাৰ পক্ষত আছে।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদৰ ওপৰত ব্যবস্থা ল’বলৈ সভাপতিলৈ পত্ৰ প্ৰেৰণ। পত্ৰত দেবব্ৰত শইকীয়াই ছিদ্দেক আহমেদে One লিখা বুলি উল্লেখ কৰিছে।

আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ‍আগত জনোৱা মতে, কংগ্ৰেছৰ ৭ টা ভোট পৰিছে মিত্ৰজোঁটৰ পক্ষত । এই কথা পীযুষ হাজৰিকা আৰু দিগন্ত কলিতাই তেওঁক জনাইছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৯-১০টা ভোটৰ ব্যৱধানত জয়ী হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী। কংগ্ৰেছৰ দুজন বিধায়কে বেলট ফলাৰ উপৰি এজনে আখৰেৰে ‘one’ লিখিছে বুলি তেওঁ উল্লেখ কৰে ।

বিধায়ক ছিদ্দেক আহমেদক দল বিৰোধী কাৰ্যৰ বাবে দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছে। নিলম্বন পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছিদ্দিক আহমেদে কয় “মই কোনো ধৰণৰ ভুল কৰা নাই। পৃথ্বিৰাজ সাথে আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ শত্ৰুতাৰ বলি হলো মই”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply