ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল। বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে কংগ্ৰেছৰ ৰিপুন বৰাই দাখিল কৰিলে মনোনয়ন পত্ৰ। ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিৰোধী দল সমূহৰ প্ৰায় সকলো সদস্যক দেখিবলৈ পোৱা যায়। ৰহাৰ কংগ্ৰেছী বিধায়ক মনোনয়ন দাখিলৰ সময়ত উপস্থিত নাছিল।

মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰিপুন বৰাৰ লগত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, চি পি আই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম, আশ্ৰাফুল হুছেইন আৰু কংগ্ৰেছ দলৰ বিধায়ক সকল।

ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদও উপস্থিত থাকে। তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত নাথাকিব বুলি চৰ্চা চলিছিল যদিও তেওঁ ৰিপুন বৰাৰ সৈতে উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply