গুৱাহাটী: গুৱাহাটীৰ ৰেডিছন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ ৪০ জনকৈ বিসম্বাদী বিধায়কে। শিৱসেনাৰ নেতা, মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত ৰাজ্যখনৰ বিসম্বাদী বিধায়কৰ দলে গুৱাহাটীত বাহৰ পাতি থকাকলৈ গোটেই দেশতে ব্যাপক চৰ্চা লাভ কৰিছে।

ইফালে, শিৱসেনাৰ ৪০ জনকৈ বিধায়কে ৰেডিছন ব্লুত বাহৰ পাতি থকা বিষয়টোক লৈ কোনোধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰঞ্চ মুখ্য মন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক কেইজনৰ ভ্ৰমণে চৰকাৰৰ ৰাজহ বৃদ্ধি কৰিব বুলি কৈ তেওঁলোকক গুৱাহাটীলৈ আদৰণি জনায়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে কয়, ‘’গুৱাহাটীত ভাল ভাল হোটেল আছে, গতিকে গুৱাহাটীত সকলো আহিব লাগে যাতে গুৱাহাটীত ব্যৱসায় বাঢ়ে। আৰু এজন মানুহ হোটেলত থকা মানে আমি জি এছ টি পাম আমাৰ উপাৰ্জন হ’ব।‘’

‘’দেশৰ লগতে বিদেশৰো পলিটিকেল এপিচেন্টাৰ গুৱাহাটীত হ’লে মই ভাল পাম,’’ তেওঁ কয়।

বৰ্তমান বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰক পইচা লাগে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘’এই সময়তে পইচা লাগে ৰাজ্য চৰকাৰক। এই সময়ত যদি হোটেলৰ ৰূমবোৰ ভৰ্তি থাকে আমি টেক্স পাম, এই সময়ত যদি অসমখন খালী হৈ থাকে আমি কেনেকৈ বানপানীৰ লগত জোৰা টাপলি মাৰিব পাৰিম?’’

‘’এই সময়ত আমি বানপানীত ডুবি আছো। আমি আৰ্থিকভাৱে কষ্টত আছো এই সময়ত সমগ্ৰ ভাৰতৰ পৰা যদি পৰ্যটকবিলাক আহি অসমত থাকে তাৰ পৰা আমাৰ উপাৰ্জন হ’ব। গতিকে লক্ষী যদি আহে লক্ষীক খেদি পঠাব নেকি?’’ মুক্য মন্ত্ৰীয়ে কয়।

লগতে পঢ়ক –  বোকাখাতত জলসম্পদ বিভাগৰ গুদামত পচিলে বানাক্ৰান্তৰ কাৰণে অহা ৫০০ কুইন্টল চাউল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply