নিউজ ডেস্ক: ২০২৪-ৰ লোকসভা নিৰ্বাচনৰ বাঘজৰী কেৱল বিজেপিৰ হাতত থকাৰ পৰিৱৰ্তে একাংশ আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকাহে ‘যথেষ্ট গুৰুত্বপূৰ্ণ’ হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে নবেল বঁটা প্ৰাপক অৰ্থনীতিবিদ অমৰ্ত্য সেনে।
বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীৰ ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সমতা সামৰ্থ্য আছে বুলি উল্লেখ কৰে যদিও বিজেপিৰ বিৰুদ্ধে থকা জনসাধাৰণৰ অসন্তুষ্টিক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিমানদূৰ একত্ৰিত কৰিব পাৰিব সেয়া এতিয়াও নিশ্চিত নহয় বুলি কয়।
“মোৰ মতে কেইবাটাও আঞ্চলিক দল খুবেই গুৰুত্বপূৰ্ণ। ডি এম কে এটা গুৰুত্বপূৰ্ণ দল, তৃণমূল কংগ্ৰেছৰ যথেষ্ট গুৰুত্ব আছে আনহাতে সমাজবাদী পাৰ্টিৰ এক স্থিতি আছে যদিও তাৰ পৰিসৰ বৃদ্ধি পাবনে সেয়া মই ক’ব নোৱাৰিম,” সংবাদ এজেন্সী পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সেনে কয়।
অৱশ্যে অমৰ্ত্য সেনে ২০২৪-ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে যে জয়লাভ কৰিব তাৰ প্ৰতি সন্দেহ ব্যক্ত কৰি দলটোৰ স্থিতি আগৰ তুলনাত “দুৰ্বল” বুলি কয়। অৱশ্যে কংগ্ৰেছক সৰ্বভাৰ্তীয় দৃষ্টিভংগী থকা একমাত্ৰ দল বুলিও তেওঁ লগতে অভিহিত কৰে।
লগতে পঢ়ক – অইল ইণ্ডিয়াত বিভিন্ন পদত নিযুক্তি সৃষ্টি