ছয়গাঁওঃ অসম বিধান সভাৰ ১২৬ টা বিধান সভা সমষ্টিৰ ভিতৰত ৪৯ নং ছয়গাঁও সমষ্টিত বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে একেৰাহে তৃতীয়বাৰলৈ বিজয়ী হৈ হেটট্ৰিক অৰ্জন কৰে ৷
অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে অগপ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাক ২৮৬৭১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি একেৰাহে তৃতীয়বাৰলৈ অসম বিধান সভালৈ নিৰ্বাচিত হোৱাৰ অভিলেখ গঢ়ে ৷
প্ৰাপ্ত তথ্যমতে বিধায়ক ৰেকিবুদ্দিন আহমেদে মুঠ ৯৪৫৯৩ টা ভোট লাভ কৰাৰ বিপৰীতে কমলা কলিতাই লাভ কৰে মুঠ ৬৫৯২২ টা ভোট ৷ উল্লেখযোগ্য যে অসম আন্দোলনৰ পৰা কেইবাবাৰো বিধায়ক তথা মন্ত্ৰী হোৱা ডাঃ কমলা কলিতাই পূৰ্বে ৰাণা গোস্বামীৰ লগত এবাৰ পৰাজিত হোৱাৰ বিপৰীতে ৰেকিবুদ্দিন আহমেদৰ লগত একেৰাহে তৃতীয়বাৰলৈ পৰাজিত হৈ পৰাজয়ৰ হেটট্ৰিক অৰ্জন কৰে ৷ আনহাতে বিধায়ক গৰাকী জয়ী হোৱাৰ পিচত কভিদ প্ৰ’টকলৰ বাবে কোনোধৰণৰ আনন্দ উৎসৱ কৰা নহ’ল ৷
অৱশ্যে বিধায়ক গৰাকী ছয়গাঁৱলৈ অহাৰ বাটত এবাৰ প্ৰিয় বিধায়ক গৰাকীক চাবৰ বাবে কুকুৰমাৰাৰ পৰা ছয়গাঁৱলৈ বহুলোকে বাটত ৰৈ আছিল যদিও এই বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে বিধায়ক গৰাকী ছয়গাঁৱলৈ আহি নোপোৱাত লোক সকল ঘৰমূৱা হয় ৷