মণিপুৰৰ নিৰ্বাচনত হিংসাত্মক ঘটনা। কেংপকপি জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা। জিলাখনৰ কেইথেলমানবি ভোটগ্ৰহণ কেন্দ্ৰত এই ঘটনা দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰে ভোটগ্ৰহণ কেন্দ্ৰটো।
নিৰ্বাচন আয়োগে গোটেই ঘটনাটো পৰ্যবেক্ষণ কৰাৰ পিছত পুনৰ নিৰ্বাচন কৰাৰ সিদ্ধান্ত লোৱা হয়। ভোট গ্ৰহন কেন্দ্ৰটোৰ ইভিএম মেচিন বাহিৰত ভাঙি থোৱা অবস্থাত উদ্ধাৰ কৰে।
মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ আগৰৱালে জনোৱা মতে, কেইথেলমানবি ভোটগ্ৰহন কেন্দ্ৰটোত ইভিএম বিসংগতিৰ বাবে পলমকৈ ভোট গ্ৰহন আৰম্ভ হোৱাক লৈ কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীৰ মাজত সংঘাত হয়।
লগতে পঢ়ক- মণিপুৰ বিধানসভাৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
৬০ জনীয়া মণিপুৰ বিধানসভাৰ আজি ৩৮ টা আসনৰ বাবে নিৰ্বাচন হৈছে। মুঠ ১৭৩ গৰাকী প্ৰাৰ্থী আজিৰ নিৰ্বাচনত অংশ লৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৫ মাৰ্চত অনুষ্ঠিত হ’ব।