অখিল গগৈৰ গৃহত ৰূপজ্যোতি কুৰ্মী

যোৰহাট- মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰৰ পিছত প্ৰথম বাৰৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হয় অখিল গগৈৰ বাসগৃহত।মৰিয়নিৰ চেলেং লুখুৰাখনস্থিত অখিল গগৈৰ বাসগৃহত তেওঁৰ মাতৃ প্ৰিয়দা গগৈৰ চৰণ চুই আৰ্শীবাদ বিচাৰিলে কুর্মীয়ে।আজিৰে পৰা অখিল গগৈৰ লগতে ৰূপজ্যোতি কুৰ্মীকো নিজ সৰুপুত্ৰ বুলি গণ্য কৰিবলৈ প্ৰিয়দা গগেক আহ্বান জনায় ৰূপজ্যোতি কুৰ্মীয়ে। 

চতুৰ্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা জয়ী হোৱাৰ মানসেৰে প্ৰতিদ্বন্দিতাত নমা বৰ্তমানৰ বিধায়ক জনে এতিয়া সকলো বিৰোধীক একগোট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। শাসকীয় বিজেপিৰ প্ৰাৰ্থী ৰমণী তাঁতীৰ উত্থানক লৈ চিন্তিত যদিও মুকলী ভাবে প্ৰকাশ কৰা নাই ৰূপজ্যোতি কুৰ্মীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply