ক’ভিড-১৯ আক্ৰান্ত হৈছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ। বৰ্তমান নিজা বাসস্থানত কোৱাৰেণ্টাইনত আছে ক্ৰিকেটৰ কিংবদন্তি তাৰকা গৰাকী ।
দেশত শেহতীয়াকৈ ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে, এই সখ্যাতেই যোগ হ’ল ক্ৰিকেটৰ তাৰকা বেটছমেন জন ।
তেণ্ডুলকাৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত সম্প্ৰতি ক্ৰিকেটাৰগৰাকী নিজা বাসভৱনতে কোৱাৰেন্টাইন হৈ আছে। এক বাৰ্তাযোগে ক্ৰিকেটাৰগৰাকীয়ে সকলোকে সজাগ হোৱাৰ বাবে আহ্বান জনাইছে।
ক’ৰোনাত আক্ৰান্ত হ’ল শচীন তেন্ডুলকাৰ
সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনালে ক্ৰিকেটৰ কিম্বদন্তি তাৰকাজনে
