হাইলাকান্দি: হাইলাকান্দিৰ বাগিচাৰ মালিকৰ কান্ডই শ্ৰমিকৰ সকলৰ মাজত বিদ্ৰোহে দেখা দিছে । বাগিছাখনৰ মালিক প্ৰদীপ ৰাঠীয়ে আজি বাগিছাৰ মজদুৰ সকলক সাপ্তাহিক মজুৰি দিবলৈ অমান্তি হয় । মালিক পক্ষৰ অভিযোগ বাগিছাখনৰ শ্ৰমিকসকলে যোৱা ১ এপ্ৰিলত হৈ যোৱা নিৰ্বাচনৰ ভোটদানৰ সময়ত তেও বিচৰা মতে AIUDFক ভোট নিদি বাগিছাৰ শ্ৰমিকসকলে বিজেপিৰ পক্ষত ভোটদান কৰিছে । হাইলাকান্দিৰ কাঞ্চনপুৰ চাহ বাগিছাৰ মালিকৰ নিৰ্দেশ মতেই ভোট নিদিয়াৰ বাবেই মালিকে বন্ধ কৰিলে মজুৰি।
এই ঘটনাৰ পিছতেই শ্ৰমিকসকল উত্তেজিত হৈ পৰে । সকলো মজদুৰ ওলাই আহি মালিক পক্ষৰ এই কাৰ্যৰ মুকলি ভাবে বিৰোধ কৰি ধৰ্ণা দিয়ে । প্ৰতিবাদী শ্ৰমিকসকলে জনোৱা মতে তেওলোকে কাক ভোট দিছে সেই তথ্য মালিকক তেওলোকে নজনাই । বাগিছা চলাই ব্যবসায় কৰিবলৈ অহা মালিকে ৰাজনীতি কৰিবলৈ আহিলে কথা ভয়ানক হ’ব বুলি সকীয়াই দিয়ে শ্ৰমিকসকলে ।
বিজেপিক ভোট দিয়াৰ বাবেই চাহ শ্ৰমিকৰ মজুৰি বন্ধ কৰিলে হাইলাকান্দিৰ কাঞ্চনপুৰ বাগিছাই
শীঘ্ৰেই মজুৰি মুকলি কৰি নিদিলে বাগিছা বন্ধৰ হুংকাৰ প্ৰতিবাদী শ্ৰমিকৰ
