গুৱাহাটী : ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ অৰ্থে নবীন-প্ৰবীণ, দিব্যাংগ আদি সকলো শ্ৰেণীৰ ভোটাৰকে আকৰ্ষিত কৰাৰ উদ্দেশ্যে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ছুইপ শাখাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ স্বৰূপে মহানগৰীৰ লুইতৰ পাৰৰ ৰযাদুৱাৰ ঘাটত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৮০০ বৰ্গ ফুটৰ এটি বলুকা ভাস্কৰ্য্য নিৰ্মাণ কৰিছে নিৰ্বাচন আয়োগে।
নিৰ্বাচন আয়োগৰ ছুইপ শাখাৰ নডেল বিষয়া পুলক পাটগিৰিৰ উপস্থিতিত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নিৰ্মাণ কৰা এই ভাস্কৰ্য্য শিল্প ৰাইজৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠানিকভাৱে সোমবাৰে বিয়লি চাৰি বজাত মুকলি কৰি দিয়া হয়। দেওবাৰে মাজনিশাৰ পৰা পাঁচজন বলুকা শিল্পী ক্ৰমে পৱন দাস, সুবাস মেধি, জয়ন্ত হাজৰিকা, বিদ্যুৎ নাথ আৰু হিমাংশু শৰ্মাই নিজৰ সৃষ্টিশিলতাৰে গণতান্ত্ৰিক অধিকাৰ ভোটদানৰ দৃশ্য প্ৰতিফলিত কৰি ভোটদাতৰ প্ৰতিচ্ছবি অংকন কৰি উলিয়াই।
এই ভাস্কৰ্য্য শিল্পৰ জৰিয়তে ভোটাৰৰ প্ৰণালীবদ্ধ শিক্ষা আৰু ভোট গ্ৰহণত অংশগ্ৰহণ সম্পর্কীয় বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা কৰা হৈছে। এই অনুষ্ঠানত যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া ডাঃ উদয় প্ৰবীণ আৰু উপ মুখ্য নিৰ্বাচনী বিষয়া ডিম্পল বৰুৱাৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।