গুৱাহাটী : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলদৈ, ওদালগুৰি, পানেৰী আৰু ৰঙিয়াত নির্বাচনী সভাত অংশগ্রহণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে মঙলদৈত বিজেপি প্রার্থী গুৰুজ্যোতি দাসৰ সমর্থনত আয়ােজিত বিশাল নির্বাচনী সভাত ভাষণ প্রদান কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভাষা, ধর্ম, গােষ্ঠীৰ নামত কোনাে ধৰণৰ বৈষম্য কৰাৰ নজিৰ নাই। এই চৰকাৰৰ কার্যকালত সকলাে জাতিজনগােষ্ঠী, ধর্মাবলম্বী লােকে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ সুফল সমান্তৰালভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সার্বজনীন নীতিৰে বৰ্তমানৰ ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ সকলােকে লগত লৈ উন্নয়নৰ যাত্ৰাত দৃঢ়তাৰে অগ্ৰসৰ হৈছে। বিৰােধীয়ে অপপ্ৰচাৰ চলালেও ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে ধর্মীয় সংখ্যালঘুকে ধৰি সকলােকে সুৰক্ষা প্রদান কৰিবলৈ সক্ষম হৈছে। জাতি-ধর্ম-ভাষা নির্বিশেষে চৰকাৰখনে কাম কৰিছে। সেয়েহে বৰ্তমানৰ চৰকাৰৰ কার্যকালত অসমত শান্তি সমন্বয় আৰু ভাতৃত্ববােধ শক্তিশালী হৈছে।

বর্তমানৰ চৰকাৰখন প্ৰকৃতাৰ্থত ধর্মনিৰপেক্ষ চৰকাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইখন চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ সকলাে ধর্মাবলম্বীলােকৰ স্বার্থ সুৰক্ষিত কৰাৰ দিশত দৃষ্টান্তমূলক পদক্ষেপ লােৱা হৈছে। বর্তমানৰ চৰকাৰৰ কাৰ্যকালত সংখ্যালঘু সম্প্রদায়ৰ লােকসকলৰ কন্যাৰ উচ্চ শিক্ষাৰ বাবে ৯ খনকৈ কন্যা মহাবিদ্যালয় নির্মাণৰ কাম আৰম্ভ কৰা হৈছে। বর্তমানৰ চৰকাৰৰ কাৰ্যকালতে সংখ্যালঘু অধ্যুষিত এলেকাত ২০ খনকৈ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। বর্তমানৰ চৰকাৰখনে সকলাে সম্প্রদায়ৰ জনসাধাৰণক সামাজিক সুৰক্ষা, অর্থনৈতিক নিৰাপত্তা প্রদান কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত কেন্দ্রীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ আঁচনিৰ সুবিধা লাভৰ পৰা কোনো এটা সম্প্রদায়ৰ জনসাধাৰণ বাদ পৰাৰ নজিৰ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বর্তমানৰ চৰকাৰৰ কার্যকালত ধর্মীয় সংখ্যালঘুসকল কোনাে ক্ষেত্ৰতে হাৰাশাস্তি হােৱাৰ উদাহৰণ নাই বুলিও কয়।

কংগ্ৰেছক ধর্ম নিৰপেক্ষ সমাজৰ মহাশত্রু বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত ধর্ম, ভাষা, সম্প্ৰদায়ৰ নামত হােৱা সংঘৰ্ষৰ ফলত বহু নিৰীহ ব্যক্তি মৃত্যু মুখত পৰিবলগীয়া হৈছিল বুলি কয়। কিন্তু বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত এটাও গােষ্ঠীগত সংঘর্ষ হােৱাৰ উদাহৰণ নাই। বৰ্তমানৰ চৰকাৰখনে সকলাে জাতি-জনগােষ্ঠী, সম্প্রদায় তথা ধৰ্মাৱলম্বী লােকক সামাজিক মর্যাদা আৰু সুৰক্ষা প্রদান কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণক চৰকাৰখনক পুনৰ শাসন ক্ষমতাত অধিস্থিত কৰাৰ বাৰেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰখনে বিগত ৫ বছৰীয়া কার্যকালত সকলাে আঁচনিৰ সুবিধা সমভাৱে বিতৰণ কৰিছে বুলি উল্লেখ কৰি ভৱিষ্যতেও চৰকাৰখনে তেনে উদাৰ দৃষ্টিভংগীৰে কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ভাষণ প্রসংগত ক্ষমতাত অধিস্থিত হ’লে চৰকাৰখনে অৰুণােদয় আঁচনিৰ জৰিয়তে ৩০ লাখ মহিলাক ৩ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়াব বুলি কয়। চৰকাৰখনে প্ৰতিবছৰে ২ লাখ যুৱক-যুৱতীক সংস্থাপন প্রদান কৰিব বুলিও তেওঁ কয়।

চৰ-চাপৰিৰ জনসাধাৰণেও যাতে আধুনিক শিক্ষাৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে আগন্তুক দিনত চৰকাৰখনে সক্রিয় পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বিভিন্ন উন্নয়নী আঁচনিৰ বিস্তৃত আলােকপাত কৰে। ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীয়ে ওদালগুৰিৰ বেংবাৰী, পানেৰীত অনুষ্ঠিত হােৱা নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভােটদানৰ বাবে আহ্বান জনােৱাৰ উপৰি ৰঙিয়াত অনুষ্ঠিত হােৱা আন এখন নির্বাচনী সভাতে অংশগ্রহণ কৰি নির্বাচনী প্রচাৰ চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply