নিউজ ডেস্ক: অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।বৰ্তমানলৈকে ৭৮.৪৯ শতাংশ ভোটদান হোৱাৰ খবৰ । এতিয়াও কেইবাটাও সমষ্টিত চলি আছে ভোটদান প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহন শেষ নৌহওতেই অংক আৰম্ভ হ’ল নেতাৰ মুখত। দ্বিতীয় পৰ্যায়ৰ ৩৯খন আসনৰ ভিতৰত ২৫ৰ পৰা ২৭খন আসন পাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৰিপুণ বৰাৰ মতে, দ্বিতীয় পৰ্যায়ত মহাজোঁটৰ হাতত থাকিব ২৮খন আসন। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ আসন আমাৰ বুলি মন্তব্য কৰিলে বদৰুদ্দিন আজমলে ।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰৰ প্ৰতি সজাগ দেখা গ’ল ৰাজ্যৰ যুৱ প্ৰজন্মক। ভোটাধিকাৰ সাব্যস্ত কৰি ছেলফি ল’লে ৰাজ্যৰ যুৱ প্ৰজন্মই।
নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও দুই এঠাইত হিংসাত্মক ঘটনা সংঘটিত হয় । সোনাই ধনেহৰিত এআইইউডিএফ আৰু বিজেপিৰ মাজত তুমুল সংঘৰ্ষ হয় ৷ বিজেপি প্ৰাৰ্থী আমিনূল হক লস্কৰৰ ওপৰত আক্ৰমণৰ অভিযোগ ৷
আক্ৰমণত আহত আমিনূল হক লস্কৰৰ তিনি দেহৰক্ষী ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷

নৱপ্ৰজন্মৰ ভোটাৰ অংশগ্ৰহন

১৩খনকৈ জিলাৰ ৩৯ টা সমষ্টি, বৰাক উপত্যকাৰ ১৫টা, পাহাৰীয়া তিনিখনকৈ জিলাৰ ৫টা, মধ্য অসমৰ ১০টা আৰু নামনি অসমৰ ৬টা আৰু বিটিআৰৰ ৪টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটদানৰ সামৰণি পৰিছে । সৰ্বমুঠ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। দ্বিতীয় পৰ্যায়ত ভোটদান কৰা ভোটাৰৰ ভিতৰত ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল।
আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, যাৰ ভিতৰত ৩১৯ গৰাকী পুৰুষ প্ৰাৰ্থী আৰু ২৬ গৰাকী মহিলা প্ৰাৰ্থী আছে। চাৰিগৰাকীকৈ মন্ত্ৰী আৰু অসম বিধানসভাৰ উপাধ্যক্ষৰ দৰে প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত। প্ৰাৰ্থীসকলৰ ভিতৰত ধলাই সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্য, ৰঙিয়াত ভৱেশ কলিতা, জাগীৰোডত পীযুষ হাজৰিকা, সোণাইত আমিনুল হক লস্কৰ, ডিফুত চুম’ ৰংহাং, ওদালগুৰিত ৰিহন দৈমাৰী, পানেৰীত বিশ্বজিত দৈমাৰী, দক্ষিণ কৰিমগঞ্জত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদ, উত্তৰ কৰিমগঞ্জত কমলাক্ষ দে’ পুৰকায়স্থ, কাটলিছেৰাত এআইইউডিএফৰ চুজামুদ্দিন লস্কৰ, আলগাপুৰত নিজামুদ্দিন চৌধুৰী, যমুনামুখত চিৰাজুদ্দিন আজমল, কলাইগাঁৱত বিপিএফৰ দুৰ্গা দাস বড়ো, শিলচৰত প্ৰাক্তন বিজেপি নেতা তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পাল আৰু কাটিগড়াত বিজেপিৰ গৌতম ৰয়ৰ ভাগ্য বন্দী হ’ল ই ভি এমত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply