গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন। আজি সন্ধিয়া ৬ বজাৰ পৰা অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। সন্দিয়া ৬ বজাৰ পিছত ৰাজনৈতিক দল সমূহে বন্ধ কৰিব লাগিব প্ৰচাৰ অভিযান। আহ ১ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত ৩৯ টা সমষ্টিত হ’ব ভোট গ্ৰহণ।
যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ইতিমধ্যে আহি পৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন। জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি চলিত অসম বিধানসভা নির্বাচনৰ প্ৰতিটো পর্যায়তে ভােট গ্রহণ সমাপ্ত হােৱাৰ ৪৮ ঘণ্টা পূৰ্বে প্রার্থীসকলে নির্বাচনী প্ৰচাৰ সমাপ্ত কৰিবলৈ নির্বাচন আয়ােগে নির্দেশনা জাৰি কৰিছে। এই অনুসৰি দ্বিতীয় পর্যায়ত ৩৯ টা সমষ্টিত অহা ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ভােট গ্রহণৰ ক্ষেত্ৰত আজি সন্ধিয়া ৬ বজাত নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব।
এই সময়ছােৱাত কোনাে ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পৰ্কীয় কোনাে সভা, শােভাযাত্রা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব। তদুপৰি এই সময়ছােৱাত চলচ্চিত্র, টেলিভিশন আদি গণমাধ্যমসমুহতাে প্ৰচাৰ কাৰ্য বন্ধ ৰাখিব লাগিব। ইয়াৰ উপৰি ভােটাৰসকলক আকর্ষিত কৰিব পৰা কোনাে মনােৰঞ্জনধর্মী অনুষ্ঠান আয়ােজনৰ পৰাও এই সময়ছােৱাত বিৰত থাকিব লাগিব। আনহাতে ৰাজ্যসমূহত চলি থকা নির্বাচনী প্রক্রিয়া সম্পূর্ণ নােহােৱা পর্যন্ত এগজিট প’ল অনুষ্ঠিত কৰা বা এগজিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফলৰ পূর্বানুমানাে এই সময়ছােৱাত ঘােষণা কৰিব নােৱাৰিব।
তদুপৰি কেইবাটাও পর্যায়ত আৰু কেইবাখনাে ৰাজ্যত একেলগে নির্বাচন অনুষ্ঠিত হৈ থকা বাবে এইসকলাে ৰাজ্যৰ সকলাে পর্যায়ৰ ভােট গ্রহণ প্রক্রিয়া সম্পূর্ণ হােৱাৰ পিছতহে কোনাে এগজিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফলৰ পূর্বানুমান ঘােষণা কৰিব পাৰিব। ভােটদাতাসকলৰ বাবে ভােট গ্রহণৰ আগমূহুৰ্তত এক শান্তিপূর্ণ পৰিৱেশ সৃষ্টি কৰাই এই নিষেধাজ্ঞা উদ্দেশ্য। এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাৰ সৈতে বা জৰিমনা অবিহনে দুবছৰ পর্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হ’ব পাৰে। তদুপৰি দ্বিতীয় পর্যায়ত ভােট গ্রহণৰ দিনৰ পুৰ্বৰ ৭২ ঘন্টা আৰু ভােট গ্রহণৰ দিনাও বাইক ৰেলী উলিওৱাৰ ক্ষেত্ৰতাে নির্বাচন আয়ােগে নিষেধাজ্ঞা জাৰি কৰিছে।